নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমদানিকৃত চালানী মাছৰ ক্ষেত্ৰত প্ৰত্যাহ্বান গঢ়িব হাজোৱে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বহিঃৰাজ্যৰ আমদানিকৃত চালানী মাছে অসমৰ বজাৰ ভৰি থকাৰ সময়তে অসম চৰকাৰে তীৰ্থনগৰী হাজোত গ্ৰহণ কৰিছে এক অভিলাষী আঁচনি । শ্যামপ্ৰসাদ মুখাৰ্জী ৰুৰবান আঁচনিৰ অধীনত হাজো উন্নয়ন খণ্ডৰ তিনিটা গাঁও পঞ্চায়তৰ বাবে তিনিশ কোটি টকাৰ এই আঁচনিখন ৰূপায়ণৰ শুভাৰম্ভ কৰে হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।

এই আঁচনিৰ জৰিয়তে শুকান মাছৰ এক প্ৰচেছিং ইউনিট স্থাপনৰ ব্যৱস্থা থাকিব । এই আঁচনিখনে আমদানিকৃত চালানী মাছৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি আশা প্ৰকাশ কৰিছে বিধায়িকাগৰাকীয়ে । অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জুৰি দলৈ উপস্থিত থাকে ।

You might also like