ড০ শর্মা অসমৰ ইতিহাসত তেজস্বী মুখ্যমন্ত্রীঃ বাবা ৰামদেৱ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ স্বাধীনতাৰ পাছত উত্তৰ–পূবৰ অসমৰ ইতিহাসত তেজস্বী, যোগী আৰু কর্মযোগী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ –এই ভূয়সী প্রশংসা যোগগুৰু বাবা ৰামদেৱৰ৷ অনুৰাগী আৰু যোগ শিকাৰুৰ সৈতে যোগ অনুশীলনৰ সময়ত যোগগুৰু বাবা ৰামদেৱে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কর্মদক্ষতা আৰু ব্যক্তিত্বক ভূয়সী প্রশংসা কৰে৷ যোগগুৰু বাবা ৰামদেৱে ভাৰতত দুগৰাকী তেজস্বী আৰু কর্মযোগী মুখ্যমন্ত্রীৰ ভিতৰত অসমৰ মুখ্যমন্ত্রী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ বিষয়ে অৱগত কৰে৷ তেওঁ অৱশ্যে অসমৰ মুখ্যমন্ত্রী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ কাম কৰাৰ ধৰণ পৃথক বুলি উল্লেখ কৰে৷
উল্লেখ্য যে ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিজেপিশাসিত ৰাজ্যৰ সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্বীকৃত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অৰমেক্স মিডিয়াৰ সমীক্ষাত দেশৰ সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্থান লাভ কৰিছে৷