নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ সংঘ ঢকুৱাখনাৰ পৰীস্মিতা ফুকনলৈ ত্ৰিবেণী মাধৱ ৰাজখোৱা, যুৱ উৎকৰ্ষ বঁটা

নিয়মীয়া বাৰ্তা,ঢকুৱাখনা,২১ ফেব্ৰুৱাৰীঃ অসমৰ লোক সংগীত আৰু লোক নৃত্যৰ ক্ষেত্ৰখনৰ চিনাকি নাম ঢকুৱাখনাৰ পৰীস্মিতা ফুকনলৈ আগবঢ়োৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰিবেণী মাধৱ ৰাজখোৱা, যুৱ উৎকৰ্ষ বঁটা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলাৰ ঢকুৱাখনা আঞ্চলিক শাখাৰ অন্তৰ্গত চিন্তামণি প্ৰাথমিক শাখাৰ দেৱ কুমাৰ ফুকন আৰু মেৰী গোঁহাইৰ কন্যা পৰীস্মিতা ফুকন। বৰ্তমান ছিকিম বিশ্ববিদ্যালয়ত সংগীত বিভাগত পি.এইছ.ডি কৰি থকা পৰীস্মিতাই সৰুৰে পৰাই শুদ্ধ ৰূপত বৰগীতৰ গায়ন শৈলীৰ ওপৰত প্ৰণালীবদ্ধ শিক্ষা গ্ৰহণ কৰি অসমীয়া লোকসংগীতৰ প্ৰসাৰ আৰু প্রচাৰৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন স্থানত কাম কৰি আহিছে। বৰগীতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুবাৰকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা পৰীস্মিতাই ২০১৯ বৰ্ষত গোৱাত অনুষ্ঠিত হোৱা লোকসংগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু ২০২০ বৰ্ষত উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা ভইচ অৱ ইণ্ডিয়াত ৰানাৰ্ছ আপ খিতাপ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এলাহাবাদ,লক্ষ্ণৌ আদি স্থানত সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা দিল্লী, কলকাতা, এলাহবাদ,মুম্বাই,ৰাজস্থান,উত্তৰ প্ৰদেশ আদিতো সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠান পৰিবেশন কৰিবলৈ সক্ষম হৈছে। লোক সংগীতৰ সমান্তৰালকৈ আধুনিক সংগীত সত্ৰীয়া নৃত্যৰ লগতে বিভিন্ন লোক নৃত্য আদিৰ চৰ্চা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানৰ নিয়মীয়া শিল্পী পৰীস্মিতাই কেইবাখনো ভি চি ডিত কণ্ঠদান কৰি অসমৰ শ্ৰোতা-দৰ্শকৰ অন্তৰ পৰশিবলৈ সক্ষম হৈছে।আঠজনীয়া ন্যাস সমিতিৰ জৰিয়তে প্ৰতি দুবছৰৰ বিৰতিত আগবঢ়োৱা ত্ৰিবেণী মাধৱ ৰাজখোৱা, যুৱ উৎকৰ্ষ বঁটাৰ বাবে পৰীস্মিতা ফুকনৰ নাম ঘোষণা কৰাৰ পিছতেই জন্মস্থান ঢকুৱাখনাত শিল্পীগৰাকীক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পীগৰাকীক অভিনন্দন জনাইছে।নাহৰকটীয়াত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিবেশনখনৰ অহা ২৭ ফেব্ৰুৱাৰীত মুকলি অধিৱেশনত শিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হব।এই বঁটাত আছে এখন প্ৰশস্তিপত্ৰ,অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন।

You might also like