নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ ভাগ্য

‘কা’ ৭৫খন আবেদনৰ ভিত্তিত শুনানি গ্রহণ কৰিব খণ্ড বিচাৰপীঠে

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ চমুকৈ ‘কা’ক লৈ দেশজুৰি তীব্র আন্দোলন চলি থকাৰ মাজতেই আইনখনৰ সাংবিধানিক বৈধতা সন্দর্ভত বুধবাৰে শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে আইনখনৰ সপক্ষে আৰু বিপক্ষে দাখিল হোৱা মুঠ ৭৫খন আবেদনৰ শুনানি এককভাৱে গ্রহণ কৰিব ৷ উল্লেখ্য যে ১৮ ডিচেম্বৰত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে গ্রহণ কৰা প্রথম শুনানিত আইনখনৰ সাংবিধানিক বৈধতাৰ প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনসমূহৰ ওপৰত প্রত্যুত্তৰ বিচাৰি সাংবিধানিক বৈধতা প্রতিপন্ন কৰিবলৈ কেন্দ্রীয় চৰকাৰক জাননী জাৰি কৰা হৈছিল ৷

ন্যায়ালয়ৰ নির্দেশ অনুসৰি আজি হ’বলগীয়া শুনানিৰ পূর্বে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰাৰ কথা যদিও এইপর্যন্ত কোনোধৰণৰ শপতনামা দাখিল হোৱা নাই বুলি আবেদনকাৰী পক্ষৰ অধিবক্তাৰ সূত্রত প্রকাশ ৷ এই গোচৰটোৰ ক্ষেত্রত গুৰুত্বপূর্ণ বিষয়টো হৈছে আজি শুনানিৰ পূর্বে মুখ্য ন্যায়াধীশৰ তিনিজনীয়া বিচাৰপীঠখন নতুনকৈ গঠন কৰাটো ৷ ১৮ ডিচেম্বৰৰ শুনানিত মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ বিচাৰপীঠত আছিল ন্যায়াধীশ বি আৰ গাবাই আৰু সূর্যকান্ত ৷ কিন্তু আজি শুনানি গ্রহণ কৰিবলগীয়া বিচাৰপীঠৰ ন্যায়াধীশ গাবাই আৰু সূর্যকান্তৰ পৰিৱর্তে ন্যায়াধীশ আব্দুল নাজিৰ আৰু সঞ্জয় খান্নাক অন্তর্ভুক্ত কৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অ–মুছলমান লোকক নাগৰিকত্ব প্রদানৰ ব্যৱস্থা কৰাৰ সময়তে এই সম্পর্কীয় গোচৰৰ বিচাৰপীঠত এগৰাকী ইছলাম ধর্মাৱলম্বী ন্যায়াধীশ আব্দুল নাজিৰক অন্তর্ভুক্ত কৰাটো বিশেষ তাৎপর্যপূর্ণ বিষয়ৰূপে বিবেচিত হৈছে ৷ আনহাতে গুৰুত্বপূর্ণ এয়ে যে এই বিতর্কিত আইনখন উচ্চতম ন্যায়ালয়ত প্রথম প্রত্যাহ্বান জনাইছিল মুছলিম লীগে ৷ ইয়াৰ পিছত মুঠ ৭৫টা পক্ষই এতিয়ালৈকে সংশোধনী আইনখনৰ সপক্ষে–বিপক্ষে সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ লক্ষণীয়ভাৱে পূর্বৰ শুনানিতে নাগৰিকত্ব সংশোধনী আইনখন বলৱৎ কৰাৰ ক্ষেত্রত স্থগিতাদেশ বিচাৰি জনোৱা আবেদন খাৰিজ কৰিছিল মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ৷ সেয়ে এই আইনখনৰ ক্ষেত্রত স্থগিতাদেশ জাৰি হোৱাৰ সম্ভাৱনা নাকচ হোৱাৰ পিছত গোচৰটো সাংবিধানিক বিচাৰপীঠলৈ প্রেৰণ কৰা হ’ব নেকি, তাক লৈ ব্যাপক চর্চা অব্যাহত আছে ৷

উল্লেখ্য যে আজি শুনানি হ’বলগীয়া এই গোচৰটোৰ ৭৫টা পক্ষৰ ভিতৰত আছে অসমৰ বিভিন্ন দল–সংগঠনকে ধৰি ১৮খন আবেদন৷ অসমৰ পৰা সদৌ অসম ছাত্র সন্থা, সদৌ অসম উকীল সন্থা, অসম বধিৰ সন্থা, ৰাজ্যিক জমিয়ত, অসম প্রদেশ কংগ্রেছ কমিটী, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, সদৌ অসম মটক সন্মিলন, অসম সাহিত্য সভা, ডিগবৈ আই অ’ চি এল ঠিকাদাৰ সন্থা, অসম সংখ্যালঘু সংগ্রাম পৰিষদ, যোৰহাট বাৰ এছ’চিয়েচন, ড০ হীৰেন গোহাঁই, মতিউৰ ৰহমান, ড০ অপূর্ব কুমাৰ বৰুৱা আৰু লাচিত বৰদলৈ ৷ অসম প্রদেশ কংগ্রেছ কমিটীয়ে এই আইনখন প্রত্যাহ্বান জনোৱাৰ পিছতো আইনখনৰ বিৰুদ্ধে সুকীয়াকৈ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী দলপতি তথা কংগ্রেছ বিধায়ক দেৱব্রত শইকীয়া ৷ একেদৰে কংগ্রেছ বিধায়ক অজন্তা নেওগেও সুকীয়াকৈ আইনখনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে ৷ তাৎপর্যপূর্ণভাৱে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ভোটদান কৰা অগপ সাংসদ বীৰেন বৈশ্যই স্ববিৰোধী স্থিতি গ্রহণ কৰি একেখন আইনকে প্রত্যাহ্বান জনাই দলীয়ভাৱে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ অগপই জনোৱা আবেদনখনৰো আজি শুনানি গ্রহণ কৰা হ’ব ৷ ইফালে ৰাজনৈতিক দল হিচাপে কংগ্রেছৰ উপৰি চিপিআই, তামিলনাডুৰ ডিএমকে আৰু পশ্চিমবংগৰ তৃণমূল কংগ্রেছে আইনখনক প্রত্যাহ্বান জনাই আবেদন জনাইছে ৷ উত্তৰ–পূর্বাঞ্চলৰ আবেদনকাৰী হিচাপে উত্তৰ–পূব ছাত্র সংগঠনসমূহৰ ঐক্যমঞ্চ নেছ’ আৰু ত্রিপুৰা পিপল্ছ ফ্রণ্টেও আবেদন দাখিল কৰিছে ৷ ইয়াৰ উপৰি ত্রিপুৰা ৰাজপৰিয়ালৰ অন্যতম সদস্য প্রদ্যুৎ দেববর্মনেও ব্যক্তিগতভাৱে আইনখনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ শুনানিৰ পৰিপ্রেক্ষিতত মঙলবাৰে নতুন দিল্লীত উপস্থিত হৈছে আছু, যুৱ–ছাত্র পৰিষদকে ধৰি অসমৰ ‘কা’বিৰোধী আন্দোলনৰ নেতৃবৃন্দ ৷ পৃথকে পৃথকে এই দল–সংগঠনৰ নেতাসকলে অধিবক্তাৰ সৈতে গোচৰটো সম্পর্কত আলোচনা অব্যাহত ৰাখিছে ৷

You might also like