পাঁচ মিনিটত আঠটা দিয়াচলাই কাঠিত ইংৰাজীৰ আটাইকেইটা বৰ্ণমালা লিখিলে ধুবুৰীৰ দিয়াই
নিয়মীয়া বাৰ্তা, 24 ফেব্ৰুৱাৰীঃ ধুবুৰীকে ধৰি সমগ্ৰ ৰাজ্যলৈ গৰিমা কঢ়িয়াই আনিলে ধুবুৰীৰ এগৰাকী ছাত্ৰীয়ে। ২০২২ চনৰ ‘ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’’ৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰি সুনাম বুটলিলে স্থানীয় ভোলানাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক পৰ্যায়ৰ পঞ্চম ষাণ্মাসিকৰ দিয়া শৰ্মা নামৰ ছাত্ৰী এগৰাকীয়ে। মাথোঁ পাঁচ মিনিটতেই আঠডাল দিয়াচলাই কাঠিত ইংৰাজীৰ আটাইকেইটা বৰ্ণমালা লিখি ‘ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ’ৰ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীয়ে। দৰাচলতে ক’ৰণা কালৰ দীঘলীয়া লকডাউনৰ সময়চোৱাত ঘৰতে বহি বহি আমনি লগা বাবে দীয়াই আৰম্ভ কৰিছিল বিভিন্ন ধৰণৰ শৈল্পিক পৰীক্ষা–নীৰিক্ষা। তেনে এক প্ৰচেষ্টাত কণীৰ বাকলিৰ ওপৰত অংকিত কৰা তাইৰ অক চিত্ৰই ৰাইজৰ যথেষ্ট সমাদৰ লভিছিল। কিন্তু তাতেই ক্ষান্ত নাথাকি দীয়াই চলাই গৈছিল নতুন নতুন পৰীক্ষা। তাৰেই ফলশ্ৰুতিত মাথোঁ পাঁচ মিনিটতে আঠটা দিয়াচলাইৰ কাঠিত ইংৰাজী বৰ্ণমালাৰ Aৰ পৰা Zলৈকে লিখিবলৈ সক্ষম হৈছিল দিয়াই। সেয়া দৃষ্টি আকৰ্ষণ কৰিছিল ‘ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ’ৰ বিচাৰক মণ্ডলীৰ আৰু ফলশ্ৰুতিত ২০২২ চনৰ ‘ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ’ৰ তালিকাত সন্নিবিষ্ট হয় ধুবুৰীৰ এই ছাত্ৰীগৰাকীৰ নাম। উল্লেখ্য যে, ধুবুৰীৰ আৰ. কে. মিছন ৰোডৰ জীৱন কুমাৰ শৰ্মা আৰু মায়া শৰ্মাৰ জীয়ৰী দিয়া শৰ্মাৰ আছে আন এটা বিশেষ পৰিচয়ো। ৰাজ্যৰ বিভিন্ন কাকত–আলোচনীত প্ৰকাশিত হোৱা ছাত্ৰীগৰাকীৰ বিভিন্ন লেখাৰেও বুটলিছে সুনাম।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী