নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তি–সম্প্রীতিৰ থলীত পৰিণত দাউহাৰু ক্ষেত্র

খৈৰাবাৰীত বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক অধিৱেশন

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্রত সোমবাৰৰ পৰা অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে দাউহাৰু ক্ষেত্র ৷ পুৱাৰে পৰা দাউহাৰু ক্ষেত্রলৈ অগণিত লোকৰ সোঁত বোৱা পৰিলক্ষিত হয় ৷ মিচিং সাহিত্য সভা, গাৰো সাহিত্য সভা, কক–বৰাক সাহিত্য সভাকে (ত্রিপুৰা) ধৰি বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ প্রতিনিধিৰ অংশগ্রহণেৰে এক সম্প্রীতিৰ থলীত পৰিণত হয় দাউহাৰু ক্ষেত্র ৷ বড়োসকলৰ কৃষ্টি, নৃত্য–গীতৰ সমাহাৰ ঘটা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা স্মৃতিগ্রন্থৰ লগতে শতাধিক গ্রন্থ উন্মোচন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ উপ–সভাপতি ৰমেলা ইছলাৰীৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী অনুষ্ঠানত অধিৱেশন উপলক্ষে প্রকাশ কৰি উলিওৱা বৃহৎ কলেৱৰৰ আটকধুনীয়া স্মৃতিগ্রন্থ উন্মোচন কৰে লোক–সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনিল বড়োৱে ৷ বড়ো সাহিত্য সভা আৰু অন্যান্য প্রকাশনে প্রকাশ কৰা শতাধিক গ্রন্থ উন্মোচন কৰা এই অনুষ্ঠানত অধ্যাপক প্রাণহৰি তালুকদাৰে অতিথি ৰূপে অংশ লৈ কয় যে গোলকীকৰণৰ সময়ত প্রযুক্তিৰ যোগেদি বড়ো ভাষাৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰা উচিত ৷

উক্ত সভাত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গণেশ ৱাৰী প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়৷ গ্রন্থ উন্মোচনী অনুষ্ঠানৰ পিছতে তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয় বঁটা প্রদান আৰু সম্বর্ধনা অনুষ্ঠান৷ অনুষ্ঠানত সৃষ্টিশীল লেখাৰ বাবে সাহিত্য অকাডেমি বঁটাপ্রাপক (২০১৯) ড০ ফুকন বসুমতাৰী, সাহিত্য অকাডেমি যুৱ সাহিত্য বঁটাপ্রাপক (২০১৯) ড০ ৰুজাব মুছাহাৰী, সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক (২০১৯) নবীন ব্রহ্ম, সাহিত্য অকাডেমি শিশু সাহিত্য বঁটাপ্রাপক (২০১৯) লক্ষ্মীনাথ ব্রহ্মৰ লগতে কৃতী ছাত্র নিতুল মুছাহাৰী, সুখাম গয়াৰী আৰু দীপ্তি ব্রহ্মক মানপত্র, আৰনাই আৰু নগদ ধনেৰে বড়ো সাহিত্য সভাই সম্বর্ধনা জনায় ৷ ২০১৯ বর্ষত বড়ো সাহিত্য সভাই আগবঢ়োৱা বিভিন্ন বঁটাৰ বাবে নির্বাচিত হোৱা ড০ দীননাথ বসুমতাৰী, বিশ্বেশ্বৰ বসুমতাৰী, বীৰেন্দ্র কুমাৰ ব্রহ্ম, শিশিৰ কুমাৰ চুনী, ইন্দিৰা বড়ো আৰু ছংগলী বৰগয়াৰীকো অনুষ্ঠানত সম্বর্ধনা জ্ঞাপন কৰা হয় ৷

বড়ো লোককৃষ্টিৰে উজলি উঠা এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত মিচিং সাহিত্য সভাৰ সভাপতি ডিম্বেশ্বৰ দলে, গাৰো সাহিত্য সভাৰ সভাপতি সুৰজ চাংমা, ইণ্ডিজেনাছ ট্রাইবেল সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক যোগেশ্বৰ বৰদলৈ, কক–বৰাক সাহিত্য সভাৰ (মণিপুৰ) সম্পাদক ৰমেশ দেববর্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷ অনুষ্ঠানত ভাগ লৈ মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই বড়ো সাহিত্য সভাক ১০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পূর্বে পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি তৰেণ বড়োৱে ৷ পতাকা উত্তোলন কৰি বড়োৱে বড়ো ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশৰ বাবে নিৰৱছিন্নভাৱে বড়ো সাহিত্য সভাই কাম কৰি যাব বুলি উল্লেখ কৰে ৷ তেওঁ বিদ্রোহী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইতিবাচক পদক্ষেপ গ্রহণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৷ কার্যসূচী অনুযায়ী কাইলৈ পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োৱে৷ দিনৰ ১২ বজাৰ পৰা তৰেণ বড়োৰ সভাপতিত্বত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সভাত বিটিচিপ্রধান হাগ্রামা মহিলাৰী, মন্ত্রী প্রমীলাৰাণী ব্রহ্ম, ৰিহণ দৈমাৰী, চন্দন ব্রহ্ম, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ কথা ৷

You might also like