ৰাছিয়াৰ আক্রমণ শংকিত ভি জেলেনস্কি
ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পিছতেই বিশ্বজুৰি চর্চাৰ মাজলৈ আহিছে ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কি৷ ৰাছিয়াৰ তীব্র আক্রমণৰ সন্মুখত ইউক্রেইনক ৰক্ষাৰ বাবে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হোৱা ৰাষ্ট্রপতি ভি জেলেনস্কি অভাৱনীয় ৰূপত দেশখনৰ মুৰব্বী হিচাপে দায়িত্ব লৈছিল৷ ইউক্রেইন টিভিৰ কমিক হিচাপে পৰিচিত ভি জেলেনস্কি ক্রেমলিন আৰু পশ্চিমীয়া দেশৰ মাজত চলা শীতল যুদ্ধৰ সামৰণিত ইউক্রেইনৰ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰি সম্প্রতি ৰাছিয়াৰ আক্রমণৰ সন্মুখীন হৈছে৷
ৰাছিয়াৰ সৈতে কূটনীতিগতভাৱে সমস্যা সমাধানৰ চেষ্টা চলালেও অৱশেষত ৰাষ্ট্রপতি জেলেনস্কিৰ সকলো কূটনৈতিক প্রচেষ্টা ব্যর্থ হোৱাত দেশখনৰ আক্রমণৰ সন্মুখীন হৈছে৷ ৪৪ বছৰীয়া ৰাষ্ট্রপতি জেলেনস্কিয়ে ৰাছিয়াই ডেৰ লক্ষাধিক সেনাই তেওঁৰ দেশখন আগুৰি ধৰি আক্রমণৰ পৰিকল্পনা কৰি থাকোঁতে আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পশ্চিমীয়া দেশৰ পৰা সমর্থনেৰে শক্তিশালী হোৱাৰ ইংগিত দিলেও কার্যতঃ সকলো শক্তিক একাষৰীয়া কৰি থৈ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ লগে লগে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৰাষ্ট্রপতি জেলেনস্কি৷ ৰাছিয়াৰ আক্রমণৰ পিছতেই ৰাষ্ট্রপতিগৰাকীয়ে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু ফ্রান্সৰ ইমানুৱেল মেক্রনৰ সৈতে টেলিফোনিক বার্তালাপ কৰি ইউৰোপীয় সংঘক একত্রিত হ’বলৈ আহ্বান জনাইছে৷