নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ছমৰীয়াত অবৈধ ইটাভাতাৰ কলা ধোঁৱাই বিপদ মাতিছে জনসাধাৰণলৈ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী:: অবৈধ ইটাভাতাৰ পৰা নিৰ্গত হোৱা বিষাক্ত কলা ধোঁৱাই ছানি ধৰিছে বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰ এলেকাৰ বিস্তীৰ্ণ অঞ্চল ৷ এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিয় গা নলৰে প্ৰশাসনৰ ৷ এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও জুৰিছে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াই ৷ ইতিমধ্যে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াক বিভিন্ন দল সংগঠনে অবৈধ ইটাভাতা বন্ধ কৰাৰ দাবী জনাইছে যদিও চক্ৰ বিষয়াই দল সংগঠনক কেৰেপই কৰা নাই ৷ কাৰণ অবৈধ ইটাভাতাৰ মালিক পক্ষৰ লগত আছে গোপন মিতিৰালি ৷ যাৰ ফলত অবৈধ ইটাভাতাসমূহক দীৰ্ঘদিনৰে পৰা ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগ একাংশ দল সংগঠন তথা ৰাইজৰ৷ ইতিমধ্যে অবৈধ ইটাভাতাৰ পক্ষ লৈছে একাংশ স্বয়ম্ভু সাংবাদিক আৰু একাংশ দালালৰূপী ৰাজনৈতিক নেতা পালিনেতা ৷ চক্ৰ বিষয়াৰ ছত্ৰছায়াত স্বয়ম্ভু সাংবাদিক আৰু দালালৰূপী ৰাজনৈতিক নেতাৰ আৰ্শীবাদতেই চলি আছে অবৈধ ইটাভাতাসমূহ ৷ স্থানীয় ৰাইজ তথা দল সংগঠনে দীৰ্ঘদিনৰে পৰা অবৈধ ইটাভাতা বন্ধৰ দাবী জনাই আহিছে যদিও গুৰুত্ব দিয়া নাই স্থানীয় প্ৰশাসনে ৷ ফলত আজিও অসম মিঞা(অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদত এম মুক্তাৰ মণ্ডলে অবৈধ ইটাভাতা বন্ধৰ দাবী জনোৱাৰ লগতে ভাতাসমূহ বন্ধ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে ৷

প্ৰেৰক কামাৰুজ জামান

You might also like