নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব মহিলাৰ সুৰক্ষা নে বিপদ

সংবিধান অনুযায়ী আমাৰ দেশ এখন ধর্মনিৰপেক্ষ দেশ, ইয়াৰ অর্থ হ’ল দেশৰ নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী ধর্ম পালন কৰিব পাৰে৷ ধর্ম পালনত যাতে কোনো ধৰণৰ বাধা–বিঘিনি নহয়, তাৰ সুবিধাও সংবিধানে দিছে৷ তথাপি ইছলাম ধর্মৰ কিছুমান ধর্মীয় নির্দেশ মাজে মাজে বিতর্কৰ মাজলৈ টানি অনা হয়৷ কেইবছৰমান আগতে তেনে এক বিতর্কৰ সৃষ্টি কৰা হৈছিল বিবাহ বিচ্ছেদৰ তিন তালাকক লৈ, যদিও ধর্ম গ্রন্থত তালাক দিয়া পদ্ধতি তথা স্বামী–স্ত্রীৰ সম্পর্ক অটুট ৰখাৰ বিভিন্ন উপায়ৰ বিষয়ে বিতংভাৱে উল্লেখ আছে৷ আজি কিছুদিনৰ পৰা হিজাবক লৈ আকৌ এক নতুন বিতর্কৰ আৰম্ভ হৈছে৷ প্রতিটো ধর্মৰ ধর্মীয় নির্দেশনাসমূহ ধর্মগ্রন্থ বা ধর্মীয় উৎসৰ পৰা আহে, সেয়ে এনে নির্দেশনাক বিতর্কৰ মাজলৈ টানি অনাৰ আগতে ধর্মগ্রন্থ বা ধর্মীয় উৎসৰ পৰা নিশ্চিত হোৱা প্রয়োজন৷ তাকে নকৰিলে এক অযথা বিবাদৰ সৃষ্টি হয়৷ কোৰআনৰ ২ নং চুৰাৰ ২২৯ নং আয়াত, ৪ নং চুৰাৰ ৩৪ আৰু ৩৫ নং আয়াত, ৬৫ নং চুৰাৰ ১ আৰু ২ নং আয়াত তথা বুখাৰী, মুছলিম আদি হদীছ গ্রন্থত উল্লেখিত নির্দেশ আৰু ব্যৱস্থা অনুসৰি অধিকাংশ মুছলিম সমাজত তালাকৰ সঠিক পদ্ধতিৰ প্রচলন নোহোৱা বাবেইতিনি তালাক বিতর্কৰ সৃষ্টি হয় আৰু অৱশেষত ন্যায়ালয়ে নিষ্পত্তি কৰে৷ ‘হিজাব’ক লৈ আৰম্ভ হোৱা বিতর্কৰ ক্ষেত্রতো তেনে এক অৱস্থাই দেখা দিছে৷ধর্মীয় মূল উৎস, কোৰআন আৰু হদীছত এই বিষয়ে কি নির্দেশনা আছে, সেয়া জানিবলৈ চেষ্টা নকৰি ইয়াক বিতর্কৰ মাজলৈ টানি আনি বিভিন্ন লোকে নিজৰ ইচ্ছা অনুযায়ী মন্তব্য দি ইয়াক ধর্মীয় আওতাৰ বাহিৰ উলিয়াই পঠোৱাৰ চেষ্টা কৰা দেখা গৈছে৷ কোনো কোনোৱে হয়াক তালিবানী শাসন, মুছলিম মহিলাক দমন ইত্যাদি মন্তব্যৰে ধর্মীয় নির্দেশৰ বিৰোধ কৰিছে, কিন্তু প্রকৃততে সেয়া নহয়৷ ইছলাম ধর্মৰ দৰে প্রতিটো ধর্মৰে কিছুমান নীতি–নিয়ম আছে, আন ধর্মৰ এনে নীতি–নিয়মক লৈ কোনো ধৰণৰ বিতর্ক হোৱা দেখা নাযায়৷ আচলতে ধর্ম হ’ল এক বিশ্বাস, নীতি–নিয়ম মানি চলা বা নচলাটো একান্ত ব্যক্তিগত বিষয়৷ কোনো ধর্মৰে এশ শতাংশ লোকে এই নীতি–নিয়ম মানি চলে বুলি ক’ব নোৱাৰি৷ ইছলাম ধর্মৰ নীতি–নিয়মসমূহ মানৱসৃষ্ট নহয়, স্বয়ং আল্লাহৰ নির্দেশ আৰু বাণী, সেয়ে এনে নির্দেশক তালিবানী শাসন বুলি কৈ উপলুঙা কৰাতো ধর্মীয় অনুভূতিত আঘাত কৰা হয়৷ ধর্মনিৰপেক্ষ দেশ এখনত কিয় বাৰে বাৰে ইছলাম ধর্মীয় নির্দেশক লৈ বিতর্কৰ সৃষ্টি হয়, সেয়া এক চিন্তনীয় বিষয়৷
এতিয়া আহোঁ মূল বিষয় ‘হিজাব’লৈ৷ ‘হিজাব’ হ’ল মুছলিম মহিলা পর্দা বা আবুৰত থকাৰ এক ব্যৱস্থা৷ আবুৰতাৰ আন দুটা ব্যৱস্থা হ’ল নিকাব আৰু বোর্খা৷ মহিলাসকলৰ মূৰৰ চুলি বাহিৰ নোলোৱাকৈ সম্পূর্ণৰূপে মূৰটো কাপোৰেৰে ঢ়াকি ৰখাকে ‘হিজাব কৰা’ বুলি কয়৷ হিজাব কৰোঁতে মুখমণ্ডল অনাবৃত হৈ থাকে, মুখমণ্ডলৰ চকু দুটাৰ বাদে বাকী অংশ ঢ়াকি ৰখাব্যৱস্থাক ‘নিকাব’ মৰা বুলি কয় আৰু শৰীৰৰ অংগ–প্রত্যংগ প্রকট নোহোৱাকৈ ডিঙিৰ পৰা ভৰিলৈকে সমগ্র শৰীৰ ঢ়াকি ৰখা ঢ়িলা পোছাকক বোর্খা কোৱা হয়৷ মহিলাৰ আবুৰতা বা পর্দাৰ বিষয়ে দিয়া নির্দেশ, কোৰআনৰ চুৰা ‘আল–আহজাব’ৰ ৫৩,৫৯ নং আয়াত, চুৰা ‘নুৰ’ৰ ৩০, ৩১ নং আয়াতসহ অন্যান্য বহু আয়াত আৰু বিভিন্ন হদীছত উল্লেখ আছে৷ চুৰা ‘নুৰ’ৰ ৩০ নং আয়াতত পুৰুষ আৰু ৩১ নং আয়াতত মহিলাক দৃষ্টি সংযত কৰিবলৈ আৰু নিজৰ লজ্জা স্থান সুৰক্ষা কৰিবলৈ কোৱাৰ লগতে মহিলাসকলকবক্ষস্ চাদৰেৰে ঢ়াকি ৰাখিবলৈ কৈছে আৰু নিজৰ স্বামী, পিতৃ, শহুৰ, পুত্র, সতীয়া পুত্র, ভাই, ভতিজা, ভাগিন, লগৰ মহিলা, দাসী, যৌন কামনাবোধ নকৰা পুৰুষ আৰু শিশু বাদে আনৰ আগত সৌন্দর্য প্রদর্শন কৰিবলৈ নিষেধ কৰিছে৷ এয়া কোৰআনত উল্লেখিত আল্লাহৰ নির্দেশ, গতিকে মুছলিম মহিলাই হিজাব, নিকাব আৰু বোর্খা পৰিধানেৰে নিজকে পৰপুৰুষৰ পৰা আবুৰ কৰি ৰখাটো আল্লাহৰ নির্দেশ পালন কৰাহে, ইয়াক তালিবানী শাসন বা মুছলিম মহিলাক দমন বুলি কোৱাটো অজ্ঞতাৰ পৰিচয়৷
মুছলিম মহিলাৰ পর্দা পালনত সর্বত্র বিৰূপ ধাৰণা পোষণ কৰি থকাসকলে খ্রীষ্টান ‘নান’ বা ধর্মযাজিকাসকলে পৰিধান কৰা বোর্খাসদৃশ দীঘল পোছাকত কেতিয়াও আপত্তি কৰা দেখা নাযায় বা ইয়াক কোনোদিনে বিতর্কৰ মাজলৈকো টানি অনা নাই৷ আপাতদৃষ্টিত নাৰী–পুৰুষ উভয়ৰ সন্মতিত সংঘটিত হোৱা অসামাজিক কার্যৰ ফল নাৰীয়ে অকলে ভোগ কৰিব লাগে৷ সেই কাৰণে ইছলামত নাৰী–পুৰুষ উভয়কে পৰস্পৰৰ লজ্জাস্থানত দৃষ্টি দিয়াত বাধা আৰোপ কৰাই নহয়, দৈহিক সম্পর্কৰ পৰাও বিৰত থকাৰ নির্দেশ দিছে৷ পোছাক–পৰিচ্ছদ আৰু চলা–ফুৰাত পর্দা আৰু হিজাব পালনকাৰী মহিলা আন পুৰুষৰ দ্বাৰা অসন্মানিত বা লাঞ্ছিত নহয় আৰু নিজকে অনেক সমস্যাৰ পৰা মুক্ত ৰাখিব পাৰে৷ পর্দাৰ মাধ্যমত নিঃসন্দেহে মুছলমান নাৰীক মর্যাদা আৰু সন্মানৰ আসনত অধিষ্ঠিত কৰাৰ লগতে নিৰাপত্তাও প্রদান কৰিছে, যাৰ ফলত এগৰাকী নাৰীয়ে অধিকতৰ নিৰুদ্বেগ আৰু স্বাচ্ছন্দ্যৰে জীৱন যাপন কৰাৰ সুবিধা লাভ কৰে৷ কাৰণ, আত্মমর্যাদাশীল নাৰী হ’বৰ বাবে ইছলামে দৈহিক অবয়বৰ গুৰুত্ব কমাই দিছে৷ ইয়াৰ উদাহৰণ হিচাপে আমি নাম ল’ব পাৰো ব্রিটেইনৰ হিজাব পৰিধানকাৰী মহিলা ন্যায়াধীশ ৰাফিয়া আর্শ্বাদ, ছিংগাপুৰৰ হিজাব পৰিধানকাৰী মহিলা ৰাষ্ট্রপতি হালিমা য়াকুব, শান্তিৰ নোবেল বঁটা বিজয়ী য়েমেনৰ হিজাব পৰিহিত তাৱাক্কুল কাৰমান, ৰি’ অলিম্পিকত পদক অর্জনকাৰী হিজাব পৰিধানকাৰী মহিলা খেলুৱৈ ইবতিহাজ মহম্মদ আদি৷ এওঁলোক আটায়ে আত্মমর্যাদাসহ নিজৰ নিজৰ বিভাগত কোনো অসুবিধা নোহোৱাকৈ কাম কৰি উচ্চ শিখৰলৈ যাব পাৰিছে৷ এওঁলোকে কিন্তু কোনোদিনেই ইয়াক তালিবানী শাসন বা নাৰীক দমন কৰি ৰখাৰ নীতি বুলি কোৱা নাই৷ ইছলামধর্মী লোকে পালন কৰিব লগা বাধ্যতামূলক ধর্মীয় নীতি–নিয়মসমূহ পালন নকৰিলে পৰকালত শাস্তি ভোগ কৰিব৷ মহিলাৰ পোছাক সংক্রান্তীয় নির্দেশ পালন কৰাটো বাধ্যতামূলক যদিও পালন নকৰিলে পৰকালতহে শাস্তি ভোগ কৰিব৷ ধর্মনিৰপেক্ষ দেশত এনে নির্দেশ বলপূর্বকভাৱে ৰূপায়ণ কৰা নহয়, ধর্ম পালনৰ ক্ষেত্রত সংবিধানে দিয়া অধিকাৰ হিচাপে গণ্য কৰি কোনোৱে মানে, কোনোৱে নামানে৷ সেয়ে ইছলাম ধর্মীয় নির্দেশনাৰ বিৰোধিতা কৰাটো অযুক্তিকৰেই নহয়, নাগৰিকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰা৷
বিশ্বৰ বিভিন্ন দেশৰ নাৰীজনিত অপৰাধৰ তথ্যৰ পৰা এটা কথা প্রতীয়মান হ’ব পাৰি যে পর্দা বা আবুৰতাই এগৰাকী মহিলাক নাৰীজনিত অপৰাধৰ পৰা সুৰক্ষিত ৰাখে৷ পর্দাহীনতা আৰু নাৰী–পুৰুষৰ অবাধ মিলামিছাৰ ফলত সংঘটিত কিছু ঘটনা হ’ল ধর্ষণ, গর্ভপাত, কুমাৰী মাতৃত্ব আদি The London Rape Crisis Center-ৰ তথ্য মতে, ব্রিটেনত প্রতিবছৰ পাঁচ–ছয় হাজাৰ ধর্ষণৰ ঘটনা ৰেকর্ড হয়৷ বিশ্বৰ সর্বাধিক ধর্ষণৰ ঘটনা যুক্তৰাষ্ট্রতে ঘটে, মুঠ ধর্ষণৰ ঘটনাৰ পঁয়সত্তৰ শতাংশ সংঘটিত হয় পূর্বপৰিচিত লোকৰ দ্বাৰা, ষোল্ল শতাংশ ঘটে আত্মীয় বন্ধুৰ দ্বাৰা৷ ১৯৬৮ চনত ইংলেণ্ডত গর্ভপাতক বৈধতা প্রদান কৰাৰ পিছত ৰেজিষ্টার্ড গর্ভপাতৰ সংখ্যা দহগুণ বৃদ্ধি পায়৷ ইয়াৰে এক শতাংশ স্বাস্থ্যগত কাৰণত আৰু নিৰান্নবৈ শতাংশ আছিল অবৈধ৷ আমেৰিকা যুক্তৰাষ্ট্রত ১৯৯৪ চনত দহ লাখ গর্ভপাত কৰা হৈছিল,আনহাতে জাপানত প্রতিবছৰে বিশ লাখ ৰেজিষ্টার্ড গর্ভপাত কৰা হয়৷ বর্তমানৰ সভ্য জগতত পঞ্জীকৃত পৰিসংখ্যা মতে ‘ইচ্ছাৰ স্বাধীনতা’ত দহ কোটিৰ অধিক ভ্রুণ হত্যা কৰা হয়৷ আজিৰ সভ্য জগতত ব্যভিচাৰ, অবৈধ মিলন আৰু অনৈতিকতাৰ চিহ্ণ আঁতৰাবৰ বাবে গর্ভপাত কৰা হয়৷ পাশ্চাত্যৰ নাৰী স্বাধীনতাৰ এক অভিশাপ হ’ল কুমাৰী মাতৃত্ব৷ পৰিসংখ্যা মতে, ১৯৮২ চনত ব্রিটেইনত কুমাৰী মাতৃত্বৰ সংখ্যা আছিল নব্বৈ হাজাৰ ১৯৯২ চনত দুই লাখ পোন্ধৰ হাজাৰ৷ ১৯৯২ চনত জন্ম লোৱা শিশুৰ একত্রিশ শতাংশ আছিল অবিবাহিতা মাতৃৰ সন্তান আৰু এইসকল অবিবাহিতা মাতৃৰ ভিতৰত আঢ়ৈ হাজাৰৰ বয়স ১৫ বছৰ তলত৷ বৈধ বিবাহৰ ফলত জন্ম হোৱা শিশুৰ তুলনাত অবৈধ শিশুৰ জন্মৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে৷ ওপৰৰ পৰিসংখ্যাৰ পৰা দেখা যায় পর্দা বা আবুৰতাই মহিলা এগৰাকীক নাৰীজনিত অনৈতিক ঘটনাৰ পৰা সুৰক্ষাহে দিয়ে, ই কেতিয়াও মহিলাক দমন কৰি ৰখা ব্যৱস্থা নহয়৷

ইক্রামূল হুছেইন, লেখক অৱসৰপ্রাপ্ত জিলা আৰু ছেছন ন্যায়াধীশ
ফোন: ৯৯৫৪৯৮০৩৫২

You might also like