জিএমচিএইচৰ স্নানাগাৰত উদ্ধাৰ মহিলাৰ ৰক্তাক্ত মৃতদেহ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ নিৰাপত্তা বেষ্টনীৰে পৰিবেষ্টিত ৰাজধানী মহানগৰ গুৱাহাটীত সংঘটিত হৈছে এটাৰ পাছত আনটো হত্যাকাণ্ড৷ অলপতে সাতগাঁও থানাৰ অন্তর্গত আমবাৰীৰ ৰাজপথত এজন অৱসৰপ্রাপ্ত সেনা জোৱানক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দেওবাৰে সংঘটিত হৈছে আন এক লোমহর্ষক হত্যাকাণ্ড৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত এগৰাকী মহিলাক দুর্বৃত্তই হত্যা কৰি ৰক্তাক্ত মৃতদেহ স্নানাগাৰত পেলাই থৈ যায়৷ মৃত মহিলাগৰাকী ধুবুৰীৰ আয়েশা খাতুন (২১) বুলি জি এম চি এইচ কর্তৃপক্ষই জানিবলৈ দিছে৷
জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই জানিবলৈ দিয়া মতে, যোৱা সাত ফেব্রুৱাৰীত ধুবুৰীৰ আব্দুল মোতালেব আৰু তেওঁৰ পত্নী আয়েশা খাতুনে তেওঁলোকৰ তিনিবছৰীয়া পুত্র (মাষ্টাৰ ছাকিব আলী)ক জি এম চি এইচৰ শিশু ৱার্ডত ভর্তি কৰায়৷ শিশুটি হাস্পতালত চিকিৎসাধীন অৱস্থাতে কালি নিশা প্রায় ৯ বজাত কোনো কথাক লৈ পতি–পত্নীৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ অৱশ্যে কর্তব্যৰত নার্ছ আৰু স্বাস্থ্যকর্মীৰ তৎপৰতাত দুয়োৰ কাজিয়া সমাপ্ত হয় যদিও নিশা প্রায় ১০ বজাৰ পৰা শিশুটিৰ অভিভাৱক হিচাপে থকা পিতৃ–মাতৃক চিকিৎসাকর্মীয়ে বিচাৰি পোৱা নাছিল৷ এঘণ্টাৰো অধিক সময় শিশুটিৰ অভিভাৱক বিচাৰি নোপোৱাত কর্তব্যৰত স্বাস্থ্যকর্মী তথা জি এম চি এইচ কর্তৃপক্ষই ভঙাগড় থানাত খবৰ দিয়ে৷ পাছত আৰক্ষীৰ লোক জি এম চি এইচত উপস্থিত হৈ শিশুটিৰ পিতৃ–মাতৃৰ সন্ধানত বিচাৰ–খোঁচাৰ কৰে যদিও তেওঁলোকৰ সন্ধান নাপালে৷
আজি পুৱা প্রায় ৮.৩০ বজাত চাফাই কর্মীয়ে জি এম চি এইচৰ পুৰণা বিল্ডিঙৰ দ্বিতীয় মহলাত থকা স্নানাগাৰ পৰিষ্কাৰ কৰিবলৈ গৈ স্নানাগাৰত ৰক্তাক্ত অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ প্রত্যক্ষ কৰি বিভাগীয় কর্তৃপক্ষক অৱগত কৰে৷ পাছত জি এম চি এইচ কর্তৃপক্ষই ভঙাগড় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত চলাই মৃতদেহটো ইতিমধ্যে সন্ধানহীন হোৱা আয়েশা খাতুন (২১)ৰ বুলি পৰিয়ালৰ সহযোগত চিনাক্ত কৰে৷ কিন্তু নিশাৰ ভাগত হাই ছিকিউৰিটী জ’ন জি এম চি এইচত কোনে মহিলাগৰাকীক হত্যা কৰি ৰক্তাক্ত মৃতদেহটো স্নানাগাৰত পেলাই থৈ গ’ল, সেয়া এক গভীৰ ৰহস্য৷ অৱশ্যে মৃত মহিলাগৰাকীৰ মাতৃয়ে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি জোঁৱায়েক মতলেব ওৰফে হাদী আলীয়ে হত্যা কৰা বুলি অভিযোগ তুলিছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও মৃত মহিলাগৰাকীৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই৷ ইপিনে আজি স্বাস্থ্যৰ উন্নতি ঘটাত শিশুটিক জি এম চি এইচ কর্তৃপক্ষই আত্মীয়ক গতাই দিয়া বুলি জানিবলৈ দিছে৷