নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০০০খন গাড়ী, ৪৩ খন প্রাইভেট প্লেনৰ মালিক ৰাষ্ট্ৰপতি পুটিন; সম্পত্তি-বিলাসিতা দেখিলে লাজ পাব আম্বানীয়েও

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ পুটিন এজন নেতা যিয়ে কোনো পৰিণামৰ কথা চিন্তা নকৰে। পুটিন তেওঁৰ আক্ৰুশ ধৰণৰ ব্যক্তিত্বৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। এক প্ৰতিবেদন মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ৯৬৪১ বিলিয়ন টকাৰ সোণৰ ভাণ্ডাৰ, বহুকেইখন বিলাসী গাড়ী, ব্যক্তিগত জেট আছে। ৰাছিয়া বিশ্বৰ অন্যতম আগশাৰীৰ সোণৰ ক্ৰেতা। ৰাছিয়াৰ মস্কো, ছেইণ্ট পিটাৰ্ছবাৰ্গ আৰু য়েকাতেৰিনবাৰ্গত বৃহৎ সোণৰ ভাণ্ডাৰ আছে।

ফৰ্বছৰ মতে, ১৯৯৫ চনত ৰাছিয়াত সোণৰ ভাণ্ডাৰ আছিল ১.৪ বিলিয়ন পাউণ্ড অৰ্থাৎ ১৫২ বিলিয়ন টকা। আজি পুটিনৰ ওচৰত ৯৫ বিলিয়ন পাউণ্ড সোণৰ ভাণ্ডাৰ বা ৯,৬৪১ বিলিয়ন টকা আছে। আজি, যেতিয়া পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনৰ কথা আহে, এলন মাস্ক আৰু জেফ বেজোছৰ নাম ওলায়। কিন্তু যদি এই দাবীবোৰ সঁচা প্ৰমাণিত হয়, তেন্তে পুটিন হৈছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কিয়নো তেওঁৰ সম্পত্তি এলনতকৈ অধিক।

ৰাজনৈতিক সমালোচক বৰিছ নেমৎছভৰ মতে, পুটিনৰ ওচৰত ৪৩ খন বিমান, ৭,০০০ খন গাড়ী আৰু ১৫ খন হেলিকপ্টাৰ আছে, যাৰ ভিতৰত আছে এখন বিলাসী ব্যক্তিগত জেট।

You might also like