নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনত আবদ্ধ কাছাৰৰ ছাত্ৰঃ -প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোদী-ড০ হিমন্ত বিশ্ব শৰ্মালৈ উদ্ধাৰৰ বাবে আহ্বান পৰিয়ালৰ

নিয়ময়ী বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ হৈ পৰা কাছাৰ জিলাৰ চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে পৰিয়ালৰ সদস্যই। ছাত্ৰজনৰ নাম মুহিম আহমেদ খান। ইউক্রেইনৰ এচ ইউ এম ৱাই ইউনিভাৰ্ছিটিৰ ছাত্র মুহিম চাৰি বছৰ ধৰি ইউক্রেইনত অধ্যয়ন কৰি আছে । কাটিগড়া সমষ্টিৰ কালাইন ডিগাবৰ পথৰ ব্রাহ্মণগ্ৰামৰ বাসিন্দা তথা অৱসৰপ্রাপ্ত শিক্ষক ইবাদুৰ ৰহমান খানে সংবাদ মাধ্যমৰ আগত কয়, মুহিম আহমেদ খান ৪ বছৰ ধৰি ইউক্ৰেইনৰ ইউনিভাৰ্ছিটিৰ হোষ্টেলত থাকি অধ্যয়ন কৰে। তেওঁ চতুর্থ ছেমিষ্টাৰত অধ্যায়ন কৰি আছে । ৰাছিয়াৰ আক্রমণত ইউক্রেইনৰ বর্তমান পৰিস্থিতি ভয়াৱহ‌। মুহিম বর্তমানে হোষ্টেলত অসুৰক্ষিত অৱস্থাত আবদ্ধ হৈ পৰিছে। তদুপৰি যোৱা কেইদিনমানৰ পৰা খাদ্যাভাৱ আৰু পানীৰ নাটনি হৈছে। ইয়াৰ বাবে মুহিমক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে পৰিয়ালে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like