নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোমা-বাৰুদৰ মাজতে ইউক্রেইনত নিহত ভাৰতীয় ছাত্ৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ৰাছিয়াৰ বিধ্বংসী আক্রমণত তচনচ ইউক্রেইনত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীসকলে হাহাকাৰ পৰিস্থিতিৰ মাজত জীৱন কটাই আছে৷ তাৰমাজতে আজি যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত মৃত্যু প্ৰথমজন ভাৰতীয় শিক্ষাৰ্থীৰ। বিদেশ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। জানিব পৰা মতে মৃত ছাত্ৰজন কৰ্ণাটকৰ আৰু ইউক্ৰেইনৰ খাৰকিভত হোৱা গুলীবৰ্ষনত এই ছাত্ৰজনৰ মৃত্যু ঘটে। মন কৰিবলগীয়া যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ মঙলবাৰে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে।

ইপিনে দুয়োখন দেশৰ মাজত সোমবাৰে হোৱা শান্তি আলোচনা বিফল হোৱাৰ পিছত, ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু আন এখন মুখ্য চহৰ খাৰকিভত গুলীবর্ষণ বৃদ্ধি কৰিছে।

আজি খাৰকিভত হোৱা আক্ৰমণত এজন ভাৰতীয় ছাত্ৰ নিহত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয়, “গভীৰ দুখৰ সৈতে আমি নিশ্চিত কৰিছো যে আজি ৰাতিপুৱা খাৰকিভত হোৱা গুলীবৰ্ষণত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে। মন্ত্ৰালয়ৰ ফালৰ পৰা মৃত ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি থকা হৈছে। আমি পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”

You might also like