মৰিয়নিত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহেইঃ “কংগ্ৰেছে মৰিয়নি নগৰবাসীক কৰা প্ৰতাৰণাৰ বাবে কাহানিবাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে”
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মৰিয়নি পৌৰসভাৰ নিৰ্বাচনৰ বাবে বিজেপি দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই অহাৰ পিছত সাংসদ তপন কুমাৰ গগৈয়ে প্ৰচাৰ অভিযানত ভাগ লয় । মৰিয়নিৰ আটাইকেইটা ৱাৰ্ডতে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই বিজেপি প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ আহ্বান জনায় । মৰিয়নি ১নং ৱাৰ্ডৰ জয়মতী নগৰ, ৫+নং ৱাৰ্ডৰ সাধু কুটীৰ, ৪নং ৱাৰ্ডৰ বাসন্তী মন্দিৰ প্ৰাংগনৰ লগতে একাধিক স্থানত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায় । সাংসদ তপন কুমাৰ গগৈয়ে ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত মৰিয়নি পৌৰসভা বিজেপিৰ দখললৈ গ’লে মৰিয়নি নগৰৰ অধিক উন্নয়ন হ’ব বুলি মন্তব্য কৰে । আনহাতে, টিকট নাপাই দলৰ নীতি আদৰ্শৰ বিৰোধীতা কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সকলক সমালোচনা কৰি কয়- কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে মৰিয়নি নগৰৰ উন্নয়ন সাধিব নোৱাৰে । নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ’লেও বিজেপি চৰকাৰে দিয়া ধনেৰেহে কাম কৰিব লাগিব বুলিও তেওঁ লগতে মন্তব্য কৰে । ইফালে, মৰিয়নি নগৰবাসীয়ে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা বিভিন্ন সমস্যাসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হ’ব বুলিও তেওঁ মন্তব্য আগবঢ়ায় । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাষত লৈ অনুষ্ঠিত কৰা সভাসমূহত বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । মৰিয়নিত বিজেপিৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়েই জয়ী হ’ব বুলি উল্লেখ কৰি কয়- কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহেই । কংগ্ৰেছে মৰিয়নি নগৰবাসীক কৰা প্ৰতাৰণাৰ বাবে কাহানিবাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে । সাংসদ গগৈয়ে প্ৰথমবাৰৰ বাবে মৰিয়নি পৌৰসভা বিজেপিৰ হাতলৈ যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সাংসদ তপন কুমাৰ গগৈৰ উপৰিও সভাসমুহত ৰাজ্যিক বিজেপিৰ মুখ্য সাংগাঠানিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা আদি কেবাজনো দলীয় নেতায়ো অংশগ্ৰহণ কৰে । ৰাজ্যিক বিজেপিৰ সাংগাঠানিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই বিজেপিক বাদ দি অসমৰ উন্নয়ন অসম্ভৱ বুলি উল্লেখ কৰি অসমৰ প্ৰতিখ গাওঁ – চহৰৰ উন্নয়নৰ বাবে বিজেপিয়ে কাম কৰিছে বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ লগতে মৰ্য্যদাপূৰ্ন ভাৱে জীয়াই থকাৰ ব্যৱস্থা কৰা বুলিও মন্তব্য কৰে । আটাইকেইখন সভাতেই ৰাইজৰ উপস্থিতি আছিল চকুতলগা । ইফালে, ৯ নং ৱাৰ্ডৰ বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী মমী দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় আমগুৰিৰ বিধায়ক তথা অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাই । বিজেপিৰ এই উত্থানে বিৰোধী শিবিৰলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে, এইবাৰ বিজেপিৰ হৈ মৰিয়নি নগৰৰ এক নং ৱাৰ্ডত বিবেক দত্ত, ২ ৱাৰ্ডৰ পৰা উত্তম ধৰ, ৩ নং ৱাৰ্ডত শিবু দে, ৪ নং ৱাৰ্ডত শম্ভু পাল, ৫ নং ৱাৰ্ডত স্বপ্নালী গোস্বামী, ৬ নং ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ, ৭ নং ৱাৰ্ডত সুনীতি মজুমদাৰ দত্ত, ৮ নং ৱাৰ্ডত নৱনীতা শ্যাম, ৯ নং ৱাৰ্ডত মিত্ৰজোঁট অগপৰ মমী দত্ত আৰু ১০ নং ৱাৰ্ডৰ পৰা ৰঞ্জিত সৰকাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া