ৰাছিয়া–ইউক্রেইন যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিব খাদ্য সংকট
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ইউক্রেইনৰ বিৰুদ্ধে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ হিংস্র যুদ্ধৰ পৰিণতি অধিক ভয়াৱহ হ’ব৷ শেহতীয়াকৈ গোলকীয় খাদ্য নিৰাপত্তা আঁচনিৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে৷ আন্তর্জাতিক সংস্থাটোৰ সঞ্চালক কাইটলিন ৱেলছে সতর্কবাণী কৰা অনুসৰি ইতিমধ্যে খাদ্যসামগ্রী সৰবৰাহৰ ক্ষেত্রত চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে সমগ্র পূব ইউৰোপীয় অঞ্চলত৷ বিশেষকৈ যিবোৰ দেশে খাদ্য আমদানি কৰে সেইবোৰ দেশলৈ এই যুদ্ধই নমাই আনিব অমানিশা৷ খাদ্য যোগানৰ ক্ষেত্রত অনিশ্চয়তা আহি পৰাৰ উপৰি সামগ্রীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাব ধৰিছে৷ ৰাছিয়াৰ আগ্রাসনৰ ফলত খাদ্যশস্য তথা তৈলশস্যৰ মজুতকৰণলৈও নামি আহিছে ভাবুকি৷ ইউক্রেইনত ইতিমধ্যে ভয়াৱহ খাদ্য সংকটে দেখা দিছে৷
দেশখনলৈ বিদেশৰ পৰা খাদ্যসামগ্রীৰ সৰবৰাহ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ ৱাশ্বিংটনৰ চেণ্টাৰ ফৰ ইণ্টাৰনেচনেল ষ্টাডিজৰ এক কার্যসূচীত ৱেলছে উল্লেখ কৰা অনুসৰি কৃষ্ণসাগৰ অঞ্চলত এই যুদ্ধই কৃষিত ভয়াৱহ প্রভাৱ পেলাব৷ লক্ষণীয়ভাৱে কেইবামাহলৈও কৃষ্ণ সাগৰৰ তীৰৱর্তী সাৰুৱা অঞ্চলবোৰত কৃষিকার্য নিয়মীয়াকৈ চলাই যোৱাটো সম্ভৱ নহ’ব৷ গতিকে এই সমগ্র অঞ্চলটোলৈ ৰাছিয়াৰ যুদ্ধই কঢ়িয়াই আনিব পাৰে দুর্ভিক্ষ৷ অকল সেয়াই নহয়, সমৃদ্ধিশালী পাশ্চাত্যৰ বিশ্বতো এই যুদ্ধই প্রতিকূল প্রভাৱ পেলাব৷ পশ্চিমীয়া দেশসমূহত খাদ্যশস্যৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ ইউক্রেইনৰ ওপৰত প্রত্যেক্ষ যুদ্ধৰ প্রভাৱ পৰাৰ বিপৰীতে ৰাছিয়াত পাশ্চাত্যৰ দেশসমূহৰ নিষেজ্ঞাৰ ফলত খাদ্য সংকটে দেখা দিব৷
ইফালে, ইন্ধনৰ সৰবৰাহত সৃষ্টি হ’ব নতুন সংকট৷ ইতিমধ্যে খাৰুৱা তেলৰ সৰবৰাহত সৃষ্টি হৈছে ভয়াৱহ দুর্যোগ৷ ইতিমধ্যে ক’ভিড–১৯ মহামাৰীৰ বাবে বহু লোক কর্মহীন হৈছে এই পৃথিৱীত৷ ইউৰোপীয় দেশসমূহত ইয়াৰ প্রভাৱ অতি ভয়াৱহ৷ ক’ভিড–১৯ মহামাৰীৰ বাবে ১০ বছৰলৈ খাদ্য ক্ষেত্রত সৃষ্টি হৈছে চৰম অনিৰাপত্তা৷ ৰাছিয়াৰ আগ্রাসনৰ ফলত নিৰাপত্তা সম্পূর্ণৰূপে ব্যাহত হ’ব৷ অর্থাৎ এই যুদ্ধৰ বিষক্রিয়া সমগ্র পৃথিৱীবাসীৰ ওপৰতে পৰিব৷ ইতিমধ্যে ৰাছিয়া বাণিজ্যিক আৰু অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ ২০০৭ আৰু ২০০৮ চনত বিভিন্ন দেশত কৃষিৰ উৎপাদন আছিল অভাৱনীয়ভাৱে কম৷ এই ঘাটি আজিলৈকে পূৰণ হোৱা নাই পৃথিৱীত৷ ইয়াৰ মাজতে মহামাৰীৰ দানৱীয় ৰূপ বিশ্ববাসীয়ে প্রত্যক্ষ কৰিবলগীয়া হৈছে৷ গতিকে কেইবাটাও কাৰকে আগন্তুক দিনত পৃথিৱীত খাদ্যশস্য ক্ষেত্রত এক নজিৰবিহীন সংকট সৃষ্টি কৰিব বুলি ৱেলছে সতর্কবাণী কৰিছে৷ লক্ষণীয়ভাৱে মধ্যপ্রাচ্য আৰু আফ্রিকাৰ দেশসমূহত ইতিমধ্যে সৃষ্টি হৈছে খাদ্যৰ নিৰাপত্তাহীনতা৷ এইবাৰ ইউৰোপ, এছিয়া সমগ্র অঞ্চলতেই যুদ্ধই খাদ্য ক্ষেত্রত নিৰাপত্তা নোহোৱা কৰিব বুলি আশংকা কৰা হৈছে৷