আইএএছ, এচিএছ বিষয়াৰে লুণ্ঠন চলাইছিল মাজুলী উপ–নির্বাচনৰ বিজেপি প্রার্থী ভুবন গামে
উদ্বোধনৰ ১০ মাহ পাছতে জ্বলিছিল উত্তৰ পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্র
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ৰাজ্য চৰকাৰৰ দুগৰাকী আইএএছ আৰু এজন এচিএছ বিষয়াৰ সহযোগত ব্যাপক লুণ্ঠন চলাইছিল আসন্ন মাজুলী বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ বিজেপি প্রার্থী ভুবন গামে৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই সেই বিস্ফোৰক অভিযোগ কৰি কয় যে ক্ষমতাশালী চৰকাৰী আমোলা, ৰাজনৈতিক নেতা, সাহিত্যিক সকলোকে নিজৰ ব্যৱসায়িক বিস্তৃতিৰ বাবে ব্যৱহাৰ কৰি এক বিশাল সম্পত্তিৰ অধিকাৰী হৈ পৰিল ভুবন গাম৷ ভুবন গামৰ দুটা ঠিকাদাৰী প্রতিষ্ঠান আছে– ভুবন কনষ্ট্রাকচন প্রাহভেট লিমিটেড আৰু গাম ডেলিকেচী প্রাহভেট লিমিটেড৷ উত্তৰ–পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্র নাজিৰাখাটত ২২৭ বিঘা মাটিত কেন্দ্রীয় চৰকাৰৰ সাহায্যৰে ৫০ কোটি টকা ব্যয়সাপেক্ষে গঢ়ি তোলা হৈছিল কংগ্রেছ চৰকাৰৰ আমোলত৷ এই প্রকল্পৰ পৰিকল্পনা আৰু নির্মাণ আৰু সেহটো ‘লীজ’ত দিয়াৰ সকলো দায়িত্ব ন্যস্ত কৰা হৈছিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ওপৰত৷ সেহ সময়ত সাংস্কৃতিক বিভাগৰ শীর্ষ পদবীত আছিল বর্তমানৰ অৱসৰপ্রাপ্ত আইএএছ বিষয়া স্বপ্ণনীল বৰুৱা আৰু সেহসূত্রেহ স্বপ্ণনীল বৰুৱাৰ কন্যা অংগীনা বৰুৱাই গাম ডেলিকেছী প্রাহভেট লিমিটেডৰ এগৰাকী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল৷
আনহাতে, হয়াৰ আগেয়ে অসম চৰকাৰৰ সেহসময়ৰ শীর্ষ পদত কার্যনির্বাহ কৰা আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী সাহিত্যিক ৰশ্মি নার্জাৰীক ভুবন কনষ্ট্রাকচন প্রাহভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্তি দিছিল ভুবন গামে৷ পিছলৈ ৰশ্মি নার্জাৰীক ‘গাম ডেলিকেচী প্রাইভেট লিমিটেডৰ এগৰাকী সঞ্চালক ৰূপেও নিযুক্তি দিয়া হৈছিল৷ সেই উত্তৰ–পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্র নির্মাণৰ কাম ৰাজনৈতিক কাৰচাজিৰে লাভ কৰিছিল ভুবন গামৰ প্রতিষ্ঠান ভুবন কনষ্ট্রাকচন প্রাহভেট লিমিটেডে আৰু প্রকল্পটো সম্পূর্ণ হৈ উদ্ঘাটন হোৱাৰ পাছত ভুবন গামে আকৌ ক্ষমতাৰ বলত তাৰ পৰিচালনাৰ সম্পূর্ণ কর্তৃত্ব নিজৰ হাতলৈ আনিছিল তেওঁৰে আনটো ঠিকাদাৰী প্রতিষ্ঠান ‘গাম ডেলিকেচী প্রাইভেট লিমিটেড’ৰ আঁৰ লৈ৷ কেৱল সিমানেহ নহয়, ‘গাম ডেলিকেচী প্রাহভেট লিমিটেড’ত সংযোজিত হৈছিল এগৰাকী এচিএছ বিষয়াৰ নামো৷ নাম তেওঁৰ বিপুল কুমাৰ দাস৷
তথ্য মতে, সেহ সময়ছোৱাত সোণাপুৰ ৰাজহ চক্রত ২০১৪ চনৰ ফেব্রুৱাৰী মাহলৈকে চক্র বিষয়া হিচাপে কর্মৰত আছিল বিপুল কুমাৰ দাস নামৰ এচিএছ বিষয়াজন৷ প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মহন্তই আৰু কয় যে উত্তৰ–পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রৰ পৰিচালনাৰ দায়িত্ব ‘লীজ’ত লাভ কৰাৰ পাছত ‘গাম ডেলিকেচী প্রাইভেট লিমিটেড’ৰ সঞ্চালক পদত এইবাৰ নিযুক্ত হয় সর্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ ব্যৱসায়ী বুলি সকলোৱে জনা সুৰজিৎ সিন্হা নামৰ এগৰাকী ব্যক্তি৷ অর্থাৎ নিজৰ ব্যৱসায়িক স্বার্থত দুগৰাকী আইএএছ বিষয়াৰ এগৰাকী পত্নী আৰু এগৰাকী কন্যা, এগৰাকী এচিএছ বিষয়া, বিজেপিৰ শীর্ষ নেতা তথা পৰৱর্তীকালৰ মুখ্যমন্ত্রীৰ ঘনিষ্ঠ ব্যৱসায়ী– এই সকলোকে হাতৰ মুঠিত লৈ বর্তমানৰ বিজেপি প্রার্থী ভুবন গামে তেওঁৰ লুণ্ঠনৰ প্রক্রিয়া ত্বৰান্বিত কৰি তুলিছিল৷
অৱশ্যে ২০১৯ চনৰ ১৫ মার্চত ৰশ্মি নার্জাৰী, অংগীনা বৰুৱা, এচিএছ বিষয়া বিপুল কুমাৰ দাসে ‘গাম ডেলিকেচী প্রাইভেট লিমিটেডৰ সঞ্চালক পদৰ পৰা আৰু ৰশ্মি নার্জাৰীয়ে ভুবন কনষ্ট্রাকচন প্রাহভেট লিমিটেডৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে৷
সংবাদ মেলখনত মহন্তহ কয় যে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন জনজাতি, যেনে– সোণোৱাল, তিৱা, ৰাভা, কার্বি, ৰিয়াং, মিজো, বডো, মিচিং, দেডৰী, আদি, গালং আৰু ডিমাচাসকলৰ পৰম্পৰাগত বাসগৃহ, আঠটাকৈ বিভিন্ন জনগোষ্ঠীৰ খাদ্যাভাসৰ পৰিচয় দাঙি ধৰা খাদ্য বিপণী, এটা প্রশাসনীয় ভৱনৰ উপৰি ১২০খন আসনসমৃদ্ধ এখন মুকলি মঞ্চৰে পূর্ণ আছিল এই উত্তৰ–পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্র৷ হঠাৎ এইটো জুহত ভস্মীভূত হোৱাৰ ৰহস্য আজিও ডদ্ঘাটন নহ’ল৷ ৰাইজৰ সন্দেহ তেতিয়াই প্রকাশ পাহছিল যে এই সমস্ত ঘটনা এটা পৰিকল্পিত ষড়যন্ত্র৷ ভুবন গামৰ দৰে ‘মেনেজ মাষ্টাৰ’ ব্যৱসায়ী, বিয়াগোম বিয়াগোম আমোলা আৰু সেই সময়ৰ বিৰোধী শিবিৰৰ ৰাজনৈতিক নেতাৰ মিলিজুলি লুণ্ঠনৰ তথ্য গাপ দিবলৈকে এই বিৰল উত্তৰ–পূব জনজাতীয় যাদুঘৰ আৰু সাংস্কৃতিক কেন্দ্রটোৰ অস্তিত্বহ ধূলিসাৎ কৰি দিয়া হ’ল৷ তদুপৰি ১৯৯৮ চনৰ মাজুলী–ঢকুৱাখনাৰ ভয়ংকৰ বানৰ সৈতেও ভুবন গামৰ নাম কিয় জডিত হৈ পৰিছিল, সেই কথা মাজুলী–ঢকুৱাখনাৰ ৰাহজে পাহৰা নাই৷