নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ত্ৰিৰংগাৰ শক্তিঃ জীৱন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ভাৰতীয় ত্ৰিৰংগা হাতত তুলি ল’লে পাকিস্তানীয়ে

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ইউক্রেইনৰ ওপৰত বিধ্বংসী আক্রমণ অধিক তীব্রতৰ কৰি তুলিছে ৰাছিয়াই৷ ইউক্রেইনৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ সপ্তম দিনাও ৰুছ সেনাই দেশখনৰ প্রধান প্রধান চহৰত বোমা আৰু মিছাইলেৰে আক্রমণ কৰিছে৷ যাৰ ফলত বহুতো চহৰ ধ্বংস হৈছে। শ শ মানুহে প্ৰাণ হেৰুৱাইছে। এনে পৰিস্থিতিত, ইউক্ৰেইনত আৱদ্ধ হৈ থকা বিদেশী নাগৰিক আৰু শিক্ষাৰ্থীসকল প্ৰতিখন দেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

এনে পৰিস্থিতিত, এই বিদেশীসকলৰ আশ্ৰয় হৈ পৰিছে ভাৰতীয় ত্ৰিৰংগা। ভাৰতীয় ত্ৰিৰংগা কেৱল এক সুৰক্ষা গেৰাণ্টি হৈ পৰিছে, লগতে তেওঁলোকক সুৰক্ষিত ভাৱে ইউক্ৰেইন পাৰ হোৱাত সহায় কৰিছে ভাৰতীয় ত্ৰিৰংগাখনে। ইউক্ৰেইনৰ পৰা উভতি অহা ভাৰতীয় শিক্ষাৰ্থীসকলে প্ৰকাশ কৰিছে যে দেশখনত থকা পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীসকলে জীৱন সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁলোকৰ দেশৰ পৰিৱৰ্তে ভাৰতৰ ত্ৰিৰংগাৰ আশ্ৰয় লৈছে।

ইউক্ৰেইনত স্প্ৰে আৰু পৰ্দাৰ সহায়ত প্ৰস্তুত কৰিছে ত্ৰিৰংগাঃ

ইউক্ৰেইনৰ পৰা ৰোমানিয়ান চহৰ বুখাৰেষ্টত উপস্থিত হোৱা ভাৰতীয় শিক্ষাৰ্থীসকলে কয় যে ভাৰতীয় ত্ৰিৰংগাই তেওঁলোকৰ লগতে পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীকো সুৰক্ষিতভাৱে স্থানান্তৰ কৰাত সহায় কৰিছিল। এজন শিক্ষাৰ্থীয়ে কয়, “আমাক কোৱা হৈছিল যে ত্ৰিৰংগাখন আমাৰ লগত লৈ গলে আমাৰ কোনো সমস্যা নহ’ব। গতিকে আমি পোনপটীয়াকৈ বজাৰলৈ গৈছিলো আৰু তাৰ পৰা ছটা স্প্ৰে পেইণ্ট কিনিছিলোঁ। মই আনখন দোকানৰ পৰা এখন পৰ্দা লৈছিলোঁ। ইয়াৰ পিছত আমি পৰ্দাখন কাটি স্প্ৰেৰ সহায়ত দুখন ত্ৰিৰংগা তৈয়াৰ কৰিছিলোঁ।”

You might also like