ইউক্রেইনীৰ আতিথ্যত কান্দি উঠিল ৰুছ সৈনিকে
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ধৰা পৰাৰ পিছত খাবলৈ দিয়া হৈছে বার্গাৰ জাতীয় খাদ্য, লগত চাহ৷ ইউক্রেইনবাসীৰ আতিথ্য লাভ কৰি আৱেগত কান্দি দিলে আক্রমণকাৰী ৰুছ বাহিনীৰ এজন সৈনিকে৷ ইতিমধ্যে এই ঘটনাৰ ভিডি’ই নেট মাধ্যমত জ্বৰ তুলিছে৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে ধৰা পৰা ৰুছ সৈনিকজনক ঘেৰি আছে এদল ইউক্রেইনী লোকে৷ ইউক্রেইনীয় ভাষাত দুই–এজনে উল্লেখ কৰিছে যে ৰাছিয়াৰ সেনাই কিয় দেশখন আক্রমণ কৰিছে সেই কথা এতিয়াও বোধগম্য হোৱা নাই৷ অতি কম বয়সীয়া এই সৈনিকজনৰ প্রতি মৰম দেখুৱাই লোককেইজনে কৈছে যে এনে তৰুণ সৈনিকসকলে যুদ্ধৰ কাৰণ আজিও বুজিব পৰা নাই৷ ধৰা পৰা এই সৈনিকজনক মাতৃৰ সৈতে ভিডিঅ’ কল কৰি কথা কোৱাৰো সুযোগ দিয়ে ইউক্রেইনী লোককেইজনে৷