কিং অৱ স্পীনৰ চিৰবিদায়
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ক্ৰিকেটৰ জগতত অবিস্মৰণীয় কৃতিত্বৰ অধিকাৰী তেওঁ। তেওঁৰ স্পীনভেল্কিয়ে দিশহাৰা কৰিছিল সকলোকে। স্পীনৰ যাদুকৰ হিচাপে কি খ্যাতি অৰ্জা নাছিল তেওঁ। শতিকাৰ শ্ৰেষ্ঠ স্পীন বলৰ অধিকাৰী তেওঁ। বিশ্বকাপ বিজয়ী প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সকলোৰে মন জয় কৰিছিল দুহাতৰ যাদুৰে। তেওঁ আন কোনো নহয় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শ্বেন ৱাৰ্ন। এই তাৰকা কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে সকলোৱে কন্দুৱাই ৫২ বছৰ বয়সতে আজি জীৱন নাটৰ সামৰণি মাৰে। থাইলেণ্ডত থকা অৱস্থাত হদক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যুমুখত পৰে। ক্ৰিকেট জগতত স্পীনেৰে দিশহাৰা কৰা ৱাৰ্নে আজি নিজৰ জীৱনৰ ওচৰত হাৰ মানি বিদায় লয়। শ্বেন ৱাৰ্ন ক্ৰিকেটৰ সকলো সংস্কৰণত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ উইকেট দখল কৰা ক্ৰিকেটাৰ। শ্ৰীলংকাৰ ত্ৰাস সৃষ্টিকাৰী স্পীনাৰ মুথিয়া মুৰুলীধৰণৰ পিছতে বিশ্ব ক্ৰিকেটত তেওঁৰ স্থান। ১৯৯৯ চনত অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল শ্বেন ৱাৰ্নে। ১৯৯২ চনৰ পৰা ২০০৭ চনলৈ বিশ্ব ক্ৰিকেটত স্পীনৰ যাদুৰে সকলোকে চমকিত কৰা ৱাৰ্নে ১৪৫খন টেষ্ট আৰু ১৯৪খন এদিনীয়াত মুঠ ১০০১টা উইকেট দখল কৰিছিল। টেষ্টত ৭০৮টা উইকেট দখল কৰা ৱাৰ্নে এদিনীয়াত ২৯৩টা উইকেট দখল কৰিছিল।