যুদ্ধ নে শান্তি
ভিয়েটনাম যুদ্ধৰ সময়ৰ কথা৷ যুদ্ধবিধ্বস্ত ভিয়েটনামত এগৰাকী ভিয়েটনামী কণমানি শিশুৱে যুদ্ধৰত আমেৰিকান সৈনিক এজনৰ হাতত তুলি দিছিল এটা ৰঙা গোলাপ৷ এই ফটোখনে সেই সময়ত বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল যুদ্ধ নে শান্তি– এই প্রশ্ণত আজিও সমগ্র বিশ্বতে প্রাসংগিক হৈ আছে ভিয়েটনামৰ যুদ্ধভূমিৰ সেই ফটোখন৷ ভিয়েটনামৰ কণমানি শিশুটিয়ে এটা ৰঙা গোলাপেৰে যুদ্ধোন্মাদ সকলো ৰাষ্ট্রলৈকে এটা বার্তাই প্রেৰণ কৰিছিল– যুদ্ধ নহয় বিশ্বই শান্তি বিচাৰে৷ সেয়া ভিয়েটনামতে হওক বা সম্প্রতি ইউক্রেইনতেই হওক৷ ভিয়েটনাম যুদ্ধৰ সময়ৰ ‘দ্য কিলিং ফিল্ডছ’ নামৰ ছবিখনে সমগ্র বিশ্বত দাঙি ধৰিছিল সেই যুদ্ধৰ ভয়াৱহতা৷ আজি তথ্য–প্রযুক্তিৰ চৰম বিকাশৰ সময়ত আমি ঘৰতে বহি প্রত্যক্ষ কৰিছোঁ যুদ্ধৰ বিভীষিকা৷ যোৱা এসপ্তাহ ধৰি ৰাছিয়াই ইউক্রেইনৰ ওপৰত অব্যাহত ৰখা ধাৰাবাহিক আক্রমণে এতিয়া ইউক্রেইনৰ জনজীৱন বিধ্বস্ত কৰি তুলিছে৷ ৰাছিয়ান আগ্রাসী বাহিনীৰ প্রতিৰোধত নিহত হৈছে ইউক্রেইনৰ সৈন্যবাহিনীৰ সৈতে সাধাৰণ নাগৰিকো৷ দেশখনৰ পৰা পলাই গৈছে ইউক্রেইনত কর্মৰত বিভিন্ন দেশৰ নাগৰিকৰ লগতে ইউক্রেইনৰ জনসাধাৰণো৷ ইউক্রেইনৰ যুদ্ধভূমিৰ পৰা পলায়ন কৰা এই নাগৰিকসকলে এতিয়া চুবুৰীয়া ৰাষ্ট্রত শৰণার্থী হিচাপে জীৱন–যাপন কৰিব লাগিব৷ দেশখনৰ ৰাজধানী কিয়েভকে ধৰি প্রধান চহৰসমূহৰ সাধাৰণ লোকৰ ঘৰ–বাৰী ধ্বংস হৈছে ৰাছিয়ান সেনা বাহিনীৰ মিছাইল আক্রমণ আৰু বিস্ফোৰণত৷ ইতিমধ্যে ইউক্রেইনৰ ভালেকেইখন চহৰ ৰাছিয়াৰ সেনাৰ দখললৈ গুচি গৈছে৷ এই চহৰসমূহত ৰাছিয়ান বাহিনীয়ে সাধাৰণ নাগৰিকৰ ওপৰতো চলাইছে নির্মম অত্যাচাৰ৷ ইফালে ইউক্রেইনত অধ্যয়ন কৰিবলৈ যোৱা বিভিন্ন দেশৰ ছাত্র–ছাত্রীয়ে এতিয়া বাংকাৰতো দিন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিভিন্ন কূটনৈতিক হেঁচাৰ পাছতো নিজ নিজ দেশলৈ উভতি আহিব পৰা নাই ছাত্র–ছাত্রীসকল৷ একে অৱস্থা দেশখনত বিভিন্ন ক্ষেত্রত কর্মৰত আন আন বহিঃৰাষ্ট্রৰ নাগৰিকসকলৰো৷ সকলোৱে ইউক্রেইনৰ পৰা গুচি আহিবলৈ চলাই আছে আপ্রাণ চেষ্টা৷ আনকি বিভিন্ন দেশৰ ৰাষ্ট্রদূতৰ কার্যালয়ত কর্মৰত কূটনৈতিক বিষয়া–কর্মচাৰীসক অৱস্থা শোচনীয় হৈ পৰিছে৷ যুদ্ধৰ দাৱানলে এতিয়া যেন ছানি ধৰিছে সমগ্র ইউক্রেইনকে৷
এনে অৱস্থাত এতিয়া ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন আন্তর্জাতিক সংস্থাসমূহে কোনো বিশেষ কঠোৰ স্থিতি গ্রহণ নকৰা বিষয়টো বিশ্বজুৰি চর্চিত হৈ আছে৷ ইয়াৰ বিপৰীতে সমগ্র বিশ্বৰে সচেতন নাগৰিকসকলে যুদ্ধৰ বিৰুদ্ধে নিজ নিজ প্রতিবাদ সাব্যস্ত কৰিছে৷ আনকি ইউক্রেইনৰ বিৰুদ্ধে আগ্রাসী ভূমিকা গ্রহণ কৰি দেশখন আক্রমণ কৰা ৰাছিয়াৰ ছেণ্ট পিটার্ছবার্গ, মস্কো আদি চহৰত হাজাৰ হাজাৰ নাগৰিক ওলাই আহি যুদ্ধৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে৷ ইউক্রেইন দখল কৰিবলৈ একপ্রকাৰ অংগীকাৰবদ্ধ হৈ পৰা ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাছিয়াৰ হাজাৰ হাজাৰ নাগৰিক৷ আনকি বিশ্বৰ বহু ৰাষ্ট্রই এতিয়া ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিকো সমর্থন জনোৱা পৰিলক্ষিত হৈছে৷ ৰাছিয়াৰ আগ্রাসন আৰু কূটনৈতিক স্থিতিয়ে ইউক্রেইনৰ ভৱিষ্যৎ যিধৰণে নির্ধাৰণ নকৰক কিয়, বিশ্বৰ সর্বসাধাৰণ নাগৰিকে এতিয়া যে যুদ্ধ নিবিচাৰে সেয়া বিশ্ব জনমতে স্পষ্ট ৰূপত প্রদর্শন কৰিছে৷ যুদ্ধই কিদৰে ক্ষতি কৰিব পাৰে সেয়া ভিয়েটনাম, আফগানিস্তান, ইৰাক, মধ্যপ্রাচ্য তথা আফ্রিকাৰ বিভিন্ন দেশত ইতিমধ্যে প্রমাণ হৈ গৈছে৷ এখন নতুন বিশ্বৰ স্বার্থত যুদ্ধ সদায়েই আমি পৰিহাৰ কৰিব লাগিব৷ যুদ্ধ সদায়ে মানৱতাবিৰোধী৷ এই বার্তা প্রতিখন ৰাষ্ট্রই প্রদর্শন কৰি যুদ্ধৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিব লাগিব৷ ৰাছিয়াই ইউক্রেইনত প্রদর্শন কৰা আগ্রাসী ভূমিকাক যদি শান্তিৰ পথেৰে প্রতিহত কৰা নহয়, তেন্তে আগন্তুক দিনবোৰত এনে আগ্রাসী ভূমিকাত ইউক্রেইনৰ দৰে আৰু বহু ৰাষ্ট্র আক্রান্ত হ’ব, সেয়া নিশ্চিত৷