নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণৰ বাবে অসম চৰকাৰে অতিশীঘ্ৰে জনজাতীয় ভূমি নীতি প্ৰস্তুত কৰিবঃ মুখ্যমন্ত্ৰী

নখিল বড়ো ছাত্ৰ সন্থাৰ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ‘ৰাজ্যৰ প্ৰচলিত ভূমি নীতিত জনজাতিসকলক ভূমিৰ সুৰক্ষা প্ৰদানৰ দিশত উপযুক্ত ব্যৱস্থা নথকা বাবেই ৰাজ্য চৰকাৰে অহা ৬ মাহৰ ভিতৰত জনজাতীয় ভূমি নীতি গ্ৰহণ কৰিব৷ এই ভূমি নীতিৰ জৰিয়তে জনজাতিসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ’ব৷’ আজি কাৰ্বি আংলং জিলাৰ লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰৰ বাহিৰত থকা বড়ো লোকসকলৰ সংস্কৃতি, অৰ্থনীতি সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ৷ লাংহিনত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ তেওঁ কয় যে বিটিআৰক সম্পূৰ্ণকৈ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰাকৈ শাসন ব্যৱস্থা এটিলৈ ৰূপান্তৰ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আব্‌ছুৱে বড়ো জাতিক ৰাজনৈতিকভাৱে সজাগ-সচেতন কৰি তোলাৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নয়নৰ জৰিয়তে জাতিটোৰ সামাজিক-সাংস্কৃতিক জীৱনধাৰাক শক্তিশালী কৰি সামগ্ৰিকভাৱে ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে প্ৰতিষ্ঠাকালৰে পৰা নিৰলসভাৱে কাম কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে জনজাতীয় লোকৰ আৱেগ আৰু অনুভূতিত যাতে কোনো ধৰণৰ আঘাত নহয়, সেই দিশত ৰাজ্য চৰকাৰে বিশেষ দৃষ্টি ৰাখি জনজাতীয় সকলৰ বিকাশৰ নিমিত্তে কাম কৰি অহিছে বুলিও তেওঁ কয়৷ বড়োক এক শক্তিশালী জনগোষ্ঠী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো জাতিয়ে অসমৰ ভৱিষ্যৎ অধিক শক্তিশালী কৰিব পাৰিব৷ তেওঁ কয় যে বড়ো ভাষা আৰু সংস্কৃতিয়ে অসমক জীপাল কৰি আহিছে৷ বড়ো জাতিৰ এক গৌৰৱপূৰ্ণ ইতিহাস আছে আৰু ইয়াৰ মাধ্যমেৰে আজি শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে৷ অসমৰ জনজাতিসকলৰ উন্নয়ন আৰু বিকাশৰ মাজতে ৰাজ্যখনৰ বিকাশৰ মূল শক্তি নিহিত হৈ আছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে৷ বিশ্ববিদ্যালয়ত বিভাগ স্থাপনেই নহয়, সাহিত্য, গৱেষণাৰ দিশতো বড়ো ভাষা আজি উজলি উঠিছে৷ বড়ো জাতিৰ বিশ্বাস আৰু ধৰ্মীয় ৰীতি সংৰক্ষণৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ কয়৷

বড়ো জাতিৰ ইতিহাস, উত্তৰণ, অসমীয়া জাতি সত্ত্বা নিৰ্মাণত বৰঙণি আদি বিষয়সমূহ আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কলাগুৰু বিষ্ণু ৰাভাৰ উদ্ধৃতি দি কয় যে যি জাতিয়ে নিজৰ বিভূতি, নিজৰ অতুল ঐশ্বৰ্য্য পাহৰি যায়, সেই জাতিয়ে সেই বিভূতিৰ ধবংসাৱশেষ আৰু সেই অতুল ঐশ্বৰ্য্যৰ ভগ্নাৱশেষ দেখি হাঁহিবই৷ সেই হাঁহিত এটা জাতিৰ কোনো গৌৰৱ প্ৰকাশিত নহয়, বৰং সেই হাঁহিত এটা জাতিৰ অধঃপতনৰ চিনাকিহে পোৱা যায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ঐতিহাসিক বড়ো চুক্তিৰ ফলত অঞ্চলটোত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই চুক্তি স্বাক্ষৰ কৰাৰ দিশত লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে৷ আজি নৱ প্ৰজন্মই বন্দুকৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ জৰিয়তে বড়ো ভূমিৰ পৰিৱৰ্তন সাধন কৰিবলৈ ওলাই আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে আবছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰী আৰু সম্পাদক কনকেশ্বৰ নাৰ্জাৰী, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মকে ধৰি বড়ো জাতিৰ বীৰ পুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে৷

আজিৰ এই অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, আবছুৰ সভাপতি দ্বিপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like