নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ ৰে’ল ষ্টেচনত জব্দ দুষ্প্রাপ্য প্রজাতিৰ ২০৫টা কাছ

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বিহাৰৰ পশ্চিম চাম্পাৰণ জিলাত ৰে’লৰ পৰা ২০৫টা বিৰল প্রজাতিৰ কাছ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ নার্কটিয়াগঞ্জ ষ্টেচনত হঠাতে জিআৰপিয়ে চলোৱা অভিযানত এই কাছবোৰ উদ্ধাৰ হয়৷ সত্যাগ্রহ এক্সপ্রেছৰ প্রসাধানাগাৰত চোৰাং ব্যৱসায়ীয়ে চাৰিটাকৈ গাৰুৰ উৱাৰত এই কাছবোৰ বাহিৰলৈ সৰবৰাহ কৰাৰ বাবে লৈ আহিছিল চোৰাং ব্যৱসায়ীয়ে৷ উদ্ধাৰ হোৱা কাছবোৰৰ ভিতৰত কেইবাটাও দুষ্প্রাপ্য প্রজাতিৰ কাছ আছে৷ জিআৰপিৰ নার্কটিয়াগঞ্জৰ মুৰব্বী সন্তোষ কুমাৰে উল্লেখ কৰা অনুসৰি বিহাৰত সঘনে ৰে’লেৰে সুৰা সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হয়৷ সত্যাগ্রহ এক্সপ্রেছত দুষৃকতিকাৰীয়ে গোপনে সুৰা অনা বুলি এক তথ্য পোৱাৰ পাছতে অভিযান চলোৱা হৈছিল৷ কিন্তু সুৰাৰ বিপৰীতে উদ্ধাৰ হয় এই কাছবোৰ৷ তাৎক্ষণিকভাৱে বন্যপ্রাণী বিভাগক কাছবোৰ গতাই দিয়ে ৰে’ল বিভাগে৷ লক্ষণীয়ভাৱে এই ঘটনা সন্দর্ভত কোনো লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল জিআৰপি আৰু আৰক্ষী৷ বন বিভাগে সন্দেহ কৰা অনুসৰি উত্তৰ–পূবৰ কোনো ৰাজ্যৰ পৰা এই কাছবোৰ ৰে’লেৰে সৰবৰাহ কৰা হৈছিল৷ দেশৰ বিভিন্ন অঞ্চলত এতিয়াও কাছৰ মাংসৰ যথেষ্ট মূল্য৷ আনফালে, বিভিন্ন দৰবতো ইয়াক ব্যৱহাৰ কৰা হয়৷

You might also like