নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই উপায়ুক্ত কার্যালয়ত ৭ পদত নিযুক্তিৰ জাননী

হোজাই জিলা উপায়ুক্তৰ কার্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ ষ্টেনোগ্রাফাৰ (১) আৰু জুনিয়ৰ এছিছটেণ্ট (৬)ৰ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ ষ্টেনোগ্রাফাৰ পদৰ বাবে প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি ষ্টেনোগ্রাফীৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৭,৪০০ টকাৰ গ্রেড পে৷ আনহাতে জুনিয়ৰ এছিছটেণ্ট পদৰ বাবে প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই পাব৷ আবেদন মাচুল হিচাপে ট্রেজাৰী চালানৰ মাধ্যমেৰে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ১০০ টকা পৰিশোধ কৰাৰ বিপৰীতে সাধাৰাণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ২০০ টকা পৰিশোধ কৰিব লাগিব৷ দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে এই মাচুল দিব নালাগে৷ ইচ্ছুকসকলে আবেদনৰ সৈতে যাৱতীয় নথি–পত্রৰ প্রতিলিপি, ৩ কপী ফটো, ৫ টকীয়া ডাক টিকট লগোৱা স্বনাম–ঠিকনা সম্বলিত এটি খাম’Office of The Deputy Commissioner, Hojai District, PO-Sankardev Nagar, Assam, PIN-782442′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন গ্রহণৰ অন্তিম দিন ২৯ জানুৱাৰী ২০২০৷ বিশদ তথ্যৰ বাবে ৱেবছাইটhttps://hojai.assam.gov.in চাব পাৰে৷

You might also like