নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ ভিগেন থেৰাপী চেণ্টাৰত বৰ্ণাঢ্য কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ- শৰীৰৰ বিভিন্ন ৰোগ নিৰাময়ৰ জনপ্ৰিয় থেৰাপী ভিগেন। আজি মাৰ্ঘেৰিটা ভিগেন ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ বৰ্ণাঢ্য কাৰ্য্যসূচী। ভিগেন ইণ্ডিয়া মা’ হেলথ কেয়াৰ থেৰাপী’ মাৰ্ঘেৰিটা কেন্দ্ৰত আজি দক্ষিণ কোৰিয়াৰ পৰা অহা ভিগেন ইণ্ডিয়াৰ চিঃইঃঅ চুনগুন পাৰ্ক আৰু ভিগেন ইণ্ডিয়া দিল্লীৰ মুখ্য কাৰ্য্যলয়ৰ জেনেৰেল মেনেজাৰ প্ৰীতি সিং উপস্থিত হয়। এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক দলে দুইও গৰাকী বিশেষ অতিথিক আদৰণি জনোৱাৰ লগতে ভিগেন মাৰ্ঘেৰিটা কাৰ্য্যালয়ৰ তৰফৰ পৰা বহু সংখ্যাক ফুলাম গামোচা, জনগোষ্ঠীয় গামোচা, তামৰ জাপি, নেপালী টুপি, গছৰ পুলি, চাহ পাতৰ টোপোলাৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ভিগেন ইণ্ডিয়া শাখা কাৰ্যালয়ত অনুষ্ঠিত এখন মুকলি সভাত ৰোগীয়া দেহাক কি দৰে ভিগেন থেৰাপীৰ জৰিয়তে সুস্থ সবল কৰি ৰাখিব পৰা যায় সেই সম্পৰ্কে কোৰিয়ান ভাষাতে ভাষণ প্ৰদান কৰাৰ বিপৰীতে জেনেৰেল মেনেজাৰ প্ৰীতি সিঙে হিন্দী ভাষা অনুবাদ কৰি উপস্থিত ৰাইজক এই থেৰাপীৰ গুণাগুণ সম্পৰ্কে ব্যাখ্যা কৰে। মুকলি সভা অনুষ্ঠিত হোৱা পূৰ্বে মা’ হেলথ কেয়াৰ থেৰাপী’ তৰফৰ পৰা ভিগেন ইণ্ডিয়া নষ্ট ইষ্টৰ ৰিজনেল ডাইৰেক্টৰ ৰেৱ বৰুৱা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, সাংবাদিক মানস প্ৰতিম গগৈ, মিঠুন বৰুৱা, দুগৰাকীকৈ বৌদ্ধ ধৰ্মগুৰুক ফুলাম গামোচা আৰু একোটা গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মাৰ্ঘেৰিটা তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি, জেষ্ঠ নাগৰিক তথা মাৰ্ঘেৰিটাৰ কাৰ্য্যালয়ত নিয়মীয়াকৈ থেৰাপী গ্ৰহণ কৰা প্ৰায় ৫ শতাধিক ৰোগী আজিৰ অনুষ্ঠানত উপাস্থিত থাকে। দিনৰ ১ঃ৩০ বজাৰ পৰা অনুষ্ঠিত এই মুকলি সভাত আঁ‌ত ধৰে প্ৰৱালদ্বীপ গগৈ আৰু পৰিস্মিতা গগৈয়ে। অন্যহাতে ভিগেন ইণ্ডিয়া নষ্ট ইষ্টৰ ৰিজনেল ডাইৰেক্টৰ ৰেৱ বৰুৱাই সংবাদমাধ্যমৰ জানিবলৈ দিয়া অনুসৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৪৩টা কেন্দ্ৰত দৈনিক প্ৰায় ৮ হেজাৰ লোকে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় ভিগেন থেৰাপী সেৱা বিনামূলীয়াকৈ গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like