নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Women’s Day: দেশৰ এনে ৫ টা নাম, যিয়ে বিশ্বত উজলাইছিল দেশৰ নাম

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি সমগ্ৰ বিশ্বই উদযাপন কৰিছে আন্তৰ্জাতিক মহিলা দিৱস। এই বিশেষ দিনটোত সেইসকল অসাধাৰণ মহিলা খেলুৱৈৰ বিষয়ে ক’ব বিচাৰিছোঁ, যিয়ে তেওঁলোকৰ সপোনক লৈ উৰা মাৰি সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্জলাইছিল। আমাৰ দেশ ভাৰতবৰ্ষ এই ক্ষেত্ৰত বহুত ভাগ্যৱান! কিয়নো গীতা-ববিতা, সাক্ষী মালিক, হিমা দাস, পি ভি সিন্ধু, চাইনা নেহৱাল, দুতি চান্দ, মনু ভাকাৰ, মিতালী ৰাজ, এম.চি মেৰী কম, ঝুলন গোস্বামী, মীৰাবাই চানু আৰু লাভলীনা বৰগোহাঁইৰ দৰে বহু এনে মহিলা খেলুৱৈ আছে, যিসকলে তেওঁলোকৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে সমগ্ৰ দেশকে নিজৰ খেলাৰ মাধ্যমেৰে গৌৰৱান্বিত কৰিছে।

আজি আমি পাঁচগৰাকী মহিলা খেলুৱৈৰ বিষয়ে উল্লেখ কৰিম, যাৰ বিষয়ে আমি গৌৰৱেৰে ক’ব পাৰোঁ যে আমি সেইখন দেশত বাস কৰোঁ যিদেশক প্ৰতিনিধিত্ব কৰে এইসকল খেলুৱৈয়ে।

পি ভি সিন্ধুঃ- ভাৰতৰ একমাত্ৰ মহিলা খেলুৱৈ যিয়ে একেৰাহে দুটা অলিম্পিকত পদক জিকি দেশবাসীক গৌৰম্বিত কৰিছে। সিন্ধুৱে প্ৰথমে ২০১৬ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু তাৰ পিছত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰিছিল। লগতে সিন্ধু আছিল বিশ্ব চেম্পিয়ন হোৱা প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ। সিন্ধুক ২০২০ চনত পদ্মভূষণ, ২০১৫ চনত পদ্মশ্ৰী, ২০১৩ চনত অৰ্জুন বঁটা আৰু ২০১৬ চনত মেজৰ ধ্যান চান্দ খেল ৰত্ন প্ৰদান কৰা হৈছিল।

মিতালী ৰাজঃ- মিতালীয়ে বৰ্তমান নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতক নেতৃত্ব দি আছে। এইটো তেওঁৰ ষষ্ঠ বিশ্বকাপ আৰু তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে ৬ টাকৈ বিশ্বকাপত খেলিছে। তেওঁ ইয়াৰ পূৰ্বে ২০০০, ২০০৫, ২০০৯, ২০১৩ আৰু ২০১৭ চনত বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। কেৱল এয়াই নহয়, মিতালী ৰাজে ভাৰতৰ হৈ ২২৬ খন এদিনীয়াত ৫১.৫৬ গড়ে ৭,৬৩২ ৰান সংগ্ৰহ কৰিছে, যিটো যিকোনো মহিলা ক্ৰিকেটাৰৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক ৰান।

মীৰাবাই চানুঃ- মীৰাবাই চানু এনে এগৰাকী খেলুৱৈ, যিয়ে টকিঅ’ অলিম্পিকত প্ৰথমে ভাৰতীয়সকলৰ মুখত হাঁহি আনিছিল। চানুৱে ৪৯ কিলোগ্ৰাম শাখাত ২০২ কিলোগ্ৰাম ওজন দাঙিছিল।

লাভলীনা বৰগোহাঁই – আধুনিক অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথমগৰাকী খেলুৱৈ হৈছে লাভলীনা বৰগোহাঁই। অলিম্পিকত বক্সিঙত পদক জয় কৰা তৃতীয়গৰাকী বক্সাৰ হৈছে লাভলীনা। ২০২০ চনত তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হয়।

এমচি মেৰী কমঃ- মেৰী কমৰ অবিহনে ভাৰতীয় মহিলা খেলুৱৈৰ কোনো তালিকা শেষ হ’ব নোৱাৰে। ১৯৮৩ চনৰ ১ মাৰ্চত মণিপুৰত জন্মগ্ৰহণ কৰা মেৰী কম হৈছে একমাত্ৰ মহিলা বক্সাৰ যিয়ে ৬ বাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। ২০১২ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা মেৰীকম এই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা দেশৰ একমাত্ৰ বক্সাৰ আছিল। কেৱল সেয়াই নহয়, তেওঁ ২০১৪ চনৰ এছিয়ান গেমছত স্বৰ্ণ জয় কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা বক্সাৰ আছিল। তেওঁক ২০০৩ চনত অৰ্জুন বঁটা, ২০০৯ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ২০১০ চনত পদ্মশ্ৰী আৰু ২০১৩ চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল।

You might also like