ভাৰতীয় উপকূলৰক্ষী বাহিনীত ২৫ পদ
প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় উপকূলৰক্ষী বাহিনীত খালী হৈছে এছিছটেণ্ট কমাণ্ডেণ্টৰ ২৫টা পদ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই ডিএভিপিৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ মুঠ খালী পদ ২৫টাৰ ভিতৰত ১৩টা এছচি প্রার্থীৰ আৰু ১২টা পদ এছটি প্রার্থীৰ বাবে সংৰক্ষিত৷ আবেদনকাৰী গড়ে ৫৫ শতাংশ নম্বৰেৰে বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ অৱশ্যে বিই/বিটেক ডিগ্রীধাৰী প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ প্রার্থীৰ জন্ম ১ জুলাই ১৯৯০ৰ পৰা ৩০ জুন ১৯৯৯ৰ ভিতৰত হোৱা হ’ব লাগিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী এছিছটেণ্ট কমাণ্ডেণ্ট হিচাপে নিযুক্তি লাভ কৰিব যদিও পৰৱর্তী পর্যায়ত ডেপুটী কমাণ্ডেণ্ট, কমাণ্ডেণ্ট–জে জি, কমাণ্ডেণ্ট, ডেপুটী ইন্সপেক্টৰ জেনেৰেল, ইন্সপেক্টৰ জেনেৰেল, এডিচনেল ডাইৰেক্টৰ জেনেৰেল আৰু ডাইৰেক্টৰ জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিব৷ দৰমহাৰ নিৰিখ ৫৬,১০০–২,০৫,৪০০ টকা৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.joinindiancoastguard.gov.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্রুৱাৰী ২০২০৷