ভাৰতৰ প্রধানমন্ত্রীক ধন্যবাদ দিলে পাকিস্তানী যুৱতীয়ে, কিয়…
বিশেষ বাৰ্তা, ৯মাৰ্চঃ ধন্যবাদ ভাৰতৰ প্রধানমন্ত্রী। ৰাছিয়া-ইউক্রেইন সংঘাতৰ বাবে যুদ্ধবিধ্বস্ত কিয়েভৰ পৰা উভতি অহা এগৰাকী পাকিস্তানী পঢ়ুৱৈৰ মুখত শুনা গ’ল এইষাৰ কথা। ভাৰতীয় দূতাবাসৰ সহায়ত কিয়েভৰ পৰা কেনেবাকৈ ওলাই আহিবলৈ সক্ষম হৈছে পাকিস্তানী যুৱতী আছমা ছাফিক। কিয়েভৰ সীমান্ত পাৰ হৈয়ে এটি ভিডিঅ’ বার্তাত ইউক্রেইনৰ কঠিন পৰিস্থিতিৰ মাজৰ পৰা ওলাই অহাত সহায় কৰাৰ বাবে কিয়েভস্থিত ভাৰতীয় দূতাবাসৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। সমানে ভাৰতৰ প্রধানমন্ত্রীকো ধন্যবাদ জনায় আছমাই। যুদ্ধ আক্ৰান্ত দেশখনৰ পৰা প্ৰাণ বচাই উভতিবলৈ আছমাৰ দৰে আৰু অলেখ পঢ়ুৱৈয়ে এতিয়া ইউক্রেইনৰ পশ্চিম সীমান্তলৈ অগ্রসৰ হৈছে।