নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তৰ কলামনিপাৰা পশু উপ-স্বাস্থ্যকেন্দ্ৰ ভূতবাংলাত পৰিণত

নিয়মীয়া বাৰ্তা, ৰৌতা, ১২  মাৰ্চ : ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মাজবাট ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত কলামনিপাৰা, নগাওঁ পশু উপ-স্বাস্থ্যকেন্দ্ৰটো সম্প্ৰতি ভুত বাংলাত পৰিণত হৈছে। বৃহৎ এলেকাটোত পশুধনৰ চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি কলামনিপাৰা নগাওঁত এই পশু উপ স্বাস্থ্য কেন্দ্ৰটো স্থাপন কৰা হৈছিল। বিগত সময়চোৱাত এগৰাকী কম্পাউণ্ডাৰৰ জৰিয়তে পশু উপ-স্বাস্থ্যকেন্দ্ৰটোত পশুধনৰ চিকিৎসা সেৱা আগবঢ়াই  আছিল। কণা হাহঁক পতান দিয়াৰ লেখিয়াকৈ কম্পাউণ্ডাৰগৰাকীয়ে পশু চিকিৎসা কৰি আছিল, তথাপি কিছু পৰিমাণে হ’লেও অঞ্চলটোৰ ৰাইজ উপকৃত হৈছিল। কিন্তু  দীৰ্ঘদিন ধৰি কেন্দ্ৰটোত ডাক্তৰ-কম্পাউণ্ডাৰ নথকাৰ ফলত ৰাইজৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী লোকসকলৰ গৰু, ম’হ, ছাগলী,হাহঁ আৰু কুকুৰা অচিন ৰোগত আক্ৰান্ত হ’লে পাহাৰীয়া এলেকাটোৰ পৰা ১২- ১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি মাজবাট ৰাজ্যিক পশু চিকিৎসালয়লৈ পশুধন আনি  চিকিৎসা কৰাটো সম্ভৱপৰ নহয়। ফলত চিকিৎসাৰ অভাৱতে নানা ধৰণৰ ৰোগত পশু ধন আক্ৰান্ত হৈ থকাৰ কথা অঞ্চলটোৰ ৰাইজে জনাইছে। সেয়েহে অতি সোনকালে মাজবাট ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত কলামনিপাৰা পশু উপ-স্বাস্থ্যকেন্দ্ৰটোত ডাক্তৰ কম্পাউণ্ডাৰ নিয়োগ কৰি বৃহৎ পাহাৰীয়া এলেকাটোত পশু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাৰ্গীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে ।
You might also like