সীমান্তত সীমা বিবাদৰ বিপৰীতে সমন্বয়ৰ বাৰ্তা # ৰজাবাহৰত অসম-নাগালেণ্ডৰ বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা, নগাবাট, ১২ মাৰ্চ : বৰহোলাৰ ৰজাবাহৰত এইবাৰ অনুষ্ঠিত হ’ব অসম-নাগালেণ্ডৰ বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা। যি সময়ত অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া লোকসকলৰ মাজত সৃষ্টি হোৱা সংঘাতে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে, ইয়াৰ বিপৰীতে কিন্তু ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টে বিগত ১৯ বছৰে উভয় ৰাজ্যৰ মাজত বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি সীমান্তৰ পৰা এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে। যোৱা বছৰ ক’ভিড পৰিস্থিতিৰ মাজতো নাগালেণ্ডৰ আম্বট’ বস্তিত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। এইবাৰো ১৯ বছৰীয়া ধাৰাবাহিকতা অব্যাহত ৰাখি ২০ সংখ্যক ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টখন ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ অসম আৰু নাগালেণ্ডৰ উভয় ৰাজ্যৰ লোক সকলে প্ৰাথমিক কুচকাৱাজ আৰম্ভ কৰিছে। সেয়ে শুক্ৰবাৰে ৰূপালীম সাংস্কৃতিক সন্থাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰথমখন সভা অনুষ্ঠিত হয়। সভাত ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টৰ চেয়াৰমেন তথা নাগালেণ্ডৰ সমাজকৰ্মী চেনাইৰাঅ’ ল’থা, সম্পাদক দিপাংকৰ চাংমাই, বিশিষ্ট ব্যৱসায়ী প্ৰকাশ শইকীয়া, যুৱ সমাজকৰ্মী পাৰ্থপ্ৰতিম শইকীয়া, ৰজাবাহৰৰ সমাজকৰ্মী তৰুণ গগৈ, দীপক ৰাজখোৱা, ধ্ৰুৱজিৎ ৰাজখোৱা, প্ৰদীপ বুঢ়াগোহাঁই, গ্লেডবীন খুদী, গোবিন বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাজখোৱা গগৈ আদিৰ প্ৰমুখ্যে অসম আৰু নাগালেণ্ডৰ প্ৰায় ডেৰ শতাধিক সচেতন তথা ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে। সভাত কেইবাজনো ব্যক্তিয়ে প্ৰতিযোগিতাখনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে আয়োজনৰ বিভিন্ন দিশ, সময় আৰু স্থানৰ সন্দৰ্ভত আলোচনা কৰে। সভাতে ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টৰ সমিতিয়ে ৰূপালীম সাংস্কৃতিক সন্থাৰ হাতত বেনাৰ অৰ্পণ কৰে। সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক সন্থাই এইবাৰ এনেদৰে অসম-নাগালেণ্ডৰ মাজত বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যত উৎসাহিত হৈ পৰিছে বৰহোলা, তিতাবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। আনহাতে অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজকসকলে।