স্বনিৰ্ভৰশীল কামৰে আদৰ্শ দেখুৱাইছে ঢকুৱাখনাৰ মহিলাই
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ আজিৰ নাৰী জাগ্ৰত প্ৰহৰী। পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পাৰে আজিৰ নাৰীয়ে। ঢকুৱাখনাৰ ১১গৰাকী উদ্যমী মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ। পুৰুষৰ সমান্তৰালভাৱে মহিলাসকলেও যে সকলো কাম সুন্দৰকৈ কৰিব পাৰে তাৰ উদাহৰণ দাঙি ধৰিছে মহিলাৰ দলটোৱে ৷ আপোনাৰ ঘৰত বিবাহ অথবা তেনে কোনো অনুষ্ঠানত অতিথিক সুন্দৰভাৱে আপ্যায়ন কৰিবৰ বাবে সাজু হৈ থাকে ১১গৰাকীকৈ মহিলাৰ দলটো। ঢকুৱাখনাৰ জামুগুৰিৰ মহিলাসকলে গঠন কৰিছে এটা গোট। বিয়া সবাস আদিত অতিথি আপ্যায়নৰ লক্ষ্যৰে গঠন হোৱা এই গোটটোৰ নাম ৰাখিছে ‘অপৰাজিতা এন্টাৰপ্ৰাইজ’ । অতি নিষ্ঠা সততা আৰু আন্তৰিকতাৰে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত বিয়া, সবাহ,জন্মদিন আদিত কেটাৰিং সেৱা আগবঢ়াই মহিলা কেইগৰাকীয়ে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে স্বাবলম্বীতাৰ আন এক নিদৰ্শন দাঙি ধৰিছে এই গোটটোৱে।অসমীয়াৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সু-পৰিকল্পিতভাৱে অভ্যৰ্থনা কৰি আহিছে দলটোৰ প্ৰতি গৰাকী সদস্যাই ।নিষ্ঠা আৰু সততা তেওঁলোকৰ মূলধন, কামৰ প্ৰতি থকা শ্ৰদ্ধাই তেওঁলোকৰ সাহস। আন বহুতে নকৰা কাম কৰি আন বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা