নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিভাণ্টাৰ আতিথ্য আৰু সহযোগত হাৰ্ট কেয়াৰ ছচাইটী অসমৰ উদ্যোগত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হাৰ্ট কেয়াৰ ছচাইটী অসমৰ উদ্যোগত খানাপাৰাস্থিত ভিভাণ্টাৰ আতিথ্য আৰু সহযোগত যোৱা ১১ মাৰ্চত হোটেল ভিভাণ্টাৰ প্ৰেক্ষাগৃহত নাৰীৰ হৃদযন্ত্ৰৰ সমস্যা, প্ৰতিৰোধ আৰু পৰিচৰ্যা বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। হাৰ্ট কেয়াৰ ছচাইটীৰ প্ৰতিষ্ঠাক সভাপতি বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডা: নিৰ্মল কান্তি ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনিত কেন্দ্ৰীয় উপসভাপতি ইক্ৰামূল মজিদ, হাৰ্টকেয়াৰ ছচাইটী গুৱাহাটীৰ সভাপতি জি. এম. শ্ৰীবাস্তৱ, সমন্বয়ক তাপস ৰঞ্জন চৌধুৰী, কাৰ্ষকৰী সদস্য মুকুল নাৰায়ণ বৰ্মন, নীলাক্ষি গোস্বামী বৰুৱা, ড°শিখা বেজবৰুৱা গোস্বামীৰ উপৰি বহুকেইজন আমন্ত্ৰিত চিকিৎসক বিশেষজ্ঞ, গুণী-মানী ব্যক্তি আৰু ভিভাণ্টা বিষয়া-কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। অনুষ্ঠানটিৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা সক্ৰিয় সদস্যা পাৰমিতা নাগ দেই এটি গীতেৰে শুভাৰম্ভ কৰাৰ লগতে আঁতো ধৰে। সভাখনত মুখ্য অতিথিৰ আসন শুৱনি কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া মাধুৰীমা বৰুৱা সেন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: এ. চি. বৈশ্যই। ভিভাণ্টা জেনেৰেল মেনেজাৰ জয়ন্ত দাসে আৰম্ভণি ভাষণেৰে সমাগত সকলোকে সম্ভাষণ জনায়। ডা:নিৰ্মলকান্তি ভট্টাচাৰ্যই প্ৰজেক্টৰৰ জৰিয়তে নাৰী আৰু পুৰুষৰ হাৰ্টৰ তুলনামূলকভাৱে সমস্যা, সমাধান, যতন আদিৰ বিশদ বৰ্ণনা কৰে।অনুষ্ঠানটিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী বিশেষজ্ঞৰ প্ৰশ্নোত্তৰ শিতানলৈ আমন্ত্ৰণ কৰি অনা গুৱাহাটী এপল’ হাস্পতালৰ বিশিষ্ট মধুমেহ বিশেষজ্ঞা ডা: নীলাক্ষি ডেকা, ইনটাৰনেচনেল হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডা: ঋতুপৰ্ণ বৰুৱা, প্ৰতিষ্ঠিত মনোৰোগ বিশেষজ্ঞা লইয়া আগৰৱালৰ পৰামৰ্শমূলক আলোচনাই সকলোকে উপকৃত কৰে। সভাৰ শেষত হাৰ্ট কেয়াৰ ছচাইটী অসমৰ মহিলা গোটৰ কোষাধ্যক্ষা কবিতা শইকীয়াই সকলোলৈ সুন্দৰভাৰে শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে হাৰ্টকেয়াৰ ছচাইটী অসমৰ অন্তৰ্গত অমেন ফৰামৰ সম্পাদিকা নীলাক্ষি গোস্বামী বৰুৱাৰ তৎপৰতাত যোৱা ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাও চানমাৰিস্থিত আৰবান বিটচত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।সাম্প্ৰতিক সময়ৰ সমগ্ৰ বিশ্ববাসীৰ গুৰুতৰ শাৰীৰিক প্ৰত্যাহ্বান হাৰ্টৰ সমস্যাৰ বিপৰীতে সুৰক্ষা আৰু পৰিচৰ্যাৰ স্বাৰ্থত হাৰ্ট কেয়াৰ ছচাইটী অসমৰ এনেধৰণৰ সজাগতামূলক পদক্ষেপ প্ৰকৃততেই প্ৰশংসনীয় বুলি বৌদ্ধিকমহলে উপলব্ধি কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like