নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা ৰঙালী বিহু সন্মিলনীৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী পাপনঃ কার্যালয় উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ বজালী জিলা সদৰ পাঠশালাৰ অন্যতম সামাজিক, সাংস্কৃতিক অনুষ্ঠান পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উলহ-মালহেৰে অহা ১৫ আৰু ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছে৷ বিহু উদযাপনৰ বাবে পৰাগ বৰ্মনক সভাপতি, কমল চৌধুৰীক কাৰ্যকৰী সভাপতি, গুঞ্জন দাস আৰু ভৃগু কুমাৰ তালুকদাৰক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। কেবা লক্ষাধিক টকা বাজেটেৰে অনুষ্ঠিতব্য এই বিহুৰ কাৰ্যসূচীসমুহ সুচাৰুৰূপে চলাই নিয়াৰ বাবে পাঠশালাৰ কলেজ ৰোডত স্থাপন কৰা অস্থায়ী কার্যালয়টো আজি উদ্বোধন কৰা হয়। অঞ্চলটোৰ শুভাকাঙ্ক্ষী ৰাইজ তথা বিহু সন্মিলনীৰ বিষয়ববীয়াসকলৰ উপস্থিতিত কাৰ্যালয়টো উদ্বোধন কৰে অধ্যাপক জীতেন শৰ্মাই। সম্পূর্ণ ধৰ্মীয় নীতি নিয়মেৰে কাৰ্যালয়টো উদ্বোধন কৰা আজিৰ অনুষ্ঠানৰ শেষত উদযাপন সমিতিৰ সভাপতি পৰাগ বৰ্মনে বহাগ বিহু উদযাপনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে৷ উল্লেখ্য যে এইবাৰৰ বিহু উৎসৱৰ ১৬ এপ্ৰিলৰ দিনা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপনে।
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like