নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বৰপেটাৰ হোলী গীতৰ উৎপত্তি সম্পৰ্কে গৱেষণাৰ আৱশ্যক আছে”

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ: ফল্গুৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে বৰপেটাৰ আকাশ-বতাহ হোলী গীতৰ সুৰেৰে মুখৰিত হৈ পৰিছে। কালিৰে পৰা চহৰখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হোলী গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। সংস্কাৰ ভাৰতীৰ বৰপেটা শাখাৰ উদ্যোগত দক্ষিণহাটীৰ শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানত আয়োজিত এখন প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, বৰপেটাৰ হোলীগীত অসমীয়া সংগীত আৰু গীতি সাহিত্যৰ এটি অনবদ্য সম্পদ, অনুপম অঙ্গ। অথচ আজিৰ পৰা ২০ বছৰ আগলৈ অসমৰে অন্য প্ৰান্তৰ লোকে এই গীত বিষয়ে নাজানিছিলেই। বৰপেটাৰ স্বকীয় বৈশিষ্ট্য সম্পন্ন হোলী গীত আজি সমগ্ৰ অসমতে জনপ্ৰিয় হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কেও আলোচনা কৰে। পিছে হোলী গীতৰ উৎপত্তি সম্পৰ্কে পৰ্যাপ্ত গৱেষণা হোৱা নাই বুলি তেওঁ নিজৰ অভিমত ব্যক্ত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে পাটবাউসী আদি সত্ৰৰ অধিকাৰ ভাস্কৰজ্যোতি গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। উদ্ধোধনী অনুষ্ঠানত প্ৰবীণ সংগীতজ্ঞ প্ৰদীপ কুমাৰ মিশ্ৰ আৰু সংস্কাৰ ভাৰতীৰ বৰপেটা শাখাৰ সভাপতি হিমাংশু কুমাৰ বৰুৱাও উপস্থিত থাকে।

প্ৰেৰক আফতাব হুছেইন

You might also like