নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনৱ পদ্ধতিত ছমহীয়া শিশুৰ দেহত হূদপিণ্ড প্রতিষ্ঠাপন

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ৰ গৱেষক চিকিৎসকসকলে এক নজিৰবিহীন অস্ত্রোপচাৰ কৰিছে৷ হূদপিণ্ড প্রতিষ্ঠাপনৰ এটা বহু আকাংক্ষিত লক্ষ্য সফল হ’ল৷ ইয়াৰ ফলত হয়তো আগন্তুক দিনত প্রতিষ্ঠাপিত হূদপিণ্ডই বহু লোকৰ জীৱন ৰক্ষা কৰিব৷ মাত্র ছমাহ বয়সৰ এটি শিশুৰ দেহত গৱেষক চিকিৎসকসকলে অভিনৱ পদ্ধতিত প্রতিষ্ঠাপিত কৰিছে হূদপিণ্ড৷

লক্ষণীয়ভাৱে হূদপিণ্ড গ্রহণ কৰাৰ পিছত শিশুটিয়ে নিজৰ হূদপিণ্ডৰ দৰে ছমাহ ধৰি কাম–কাজ চলাই আছে৷ শিশুটিৰ শৰীৰৰ স্বাভাৱিক প্রতিৰোধ ব্যৱস্থা অক্ষত আছে৷ এই অস্ত্রোপচাৰ পদ্ধতিৰ অভিনৱত্ব এয়াই যে গৱেষকসকলে মাত্র অন্যৰ হূদপিণ্ড আনি দেহত প্রতিষ্ঠাপন কৰা নাই৷ তাৰ দুসপ্তাহ পিছত দাতাৰ শৰীৰৰ পৰা সংগ্রহ কৰা থাইমাছ কোষ, কলাবোৰো সফলভাৱে প্রতিষ্ঠাপন কৰা হৈছে হূদপিণ্ড গ্রহণ কৰা শিশুটিৰ শৰীৰত৷ ইয়াৰ ফলত শিশুটিৰ শৰীৰত এনে প্রতিৰোধ ব্যৱস্থা গঢ়ি উঠিছে যে অন্যৰ দেহৰ পৰা গ্রহণ কৰা হূদপিণ্ডৰ জৰিয়তে শিশুটিয়ে নিজৰ হূদপিণ্ডৰ দৰে কাম–কাজ চলাই যাবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ এই নজিৰবিহীন অস্ত্রোপচাৰৰ সবিশেষ তথ্য প্রকাশ পাইছে আন্তর্জাতিক চিকিৎসা গৱেষণা পত্রিকা ‘ক্লিনিকেল মেডিচিন এণ্ড ৰিছার্চ’ত৷

You might also like