নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাগী অপৰাধীৰে ভৰিছে ইউপিৰ নতুন বিধানসভা

বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ ধুৰন্দৰ শেষ আশ্ৰয় ৰাজনীতি। আকৌ তাকেই প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ শেহতীয়া নিৰ্বাচনী ফলাফলে। নতুনকৈ নিৰ্বাচিত হোৱা উত্তৰ প্ৰদেশৰ ৫১ শতাংশ বিধায়কেই অপৰাধী। নৱনিৰ্বাচিত ৪০৩ বিধায়কৰ ভিতৰত ২০৫ জনৰ বিৰুদ্ধেই আছে অপৰাধৰ গোচৰ। এছোচিয়েছন ফ’ৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ তথ্য মতে, ইয়াৰে ১৫৮ জন জনপ্ৰতিনিধি সাঙোৰ খাই আছে হত্যা, অপৰাধ, নাৰীজনিত অপৰাধৰ দৰে গুৰুতৰ অপৰাধত। ৫ জনৰ বিৰুদ্ধে হত্যা, ২৯ জনৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ আছে। নাৰীজনীত অপৰাধত সাঙোৰ খাই আছে নৱনিৰ্বাচিত ৬ জনৰ নাম। অপৰাধৰ গোচৰ থকা জনপ্ৰতিনিধিৰ ভিতৰত বিজেপিৰ ১১১ জন আৰু সমাজবাদী পাৰ্টীৰ ৭১ জনৰ নাম আছে।

You might also like