বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ জয়শ্ৰী ৰাম ধ্বনিৰ আঁৰত থাকে নেকি মুছলিম বিদ্বেষ! সংখ্যালঘু সমাজৰ প্ৰতি ঘৃণনীয় মন্তব্য কৰাৰ লগে লগে কিয় নাম লোৱা হয় ৰামৰ? ‘সিঁহতক জনাই থ’লো যে মছজিদৰ পৰা লাউডস্পীকাৰ নিজেই আঁতৰাওক। অন্যথা হিন্দু যুৱা বাহিনীয়ে মছজিদৰ ভিতৰত সোমাই এই কাম কৰিবলৈ বাধ্য হ’ব।’ হিন্দু যুৱা বাহিনীৰ এজন নেতাই এই মন্তব্য কৰিয়েই জয়শ্ৰী ৰাম ধ্বনি দিয়ে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আকৌ এবাৰ একক সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰাৰ পাছতে মুছলমানৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য আৰম্ভ হৈছে। বিজেপিৰ জয়ৰ আনন্দ উল্লাস কৰিবলৈ গৈ গাজিয়াবাদৰ হিন্দু যুৱা বাহিনীৰ জিলা অধ্যক্ষ আয়ুষ ত্যাগীয়ে মুছলিমৰ বিৰুদ্ধে বিদ্বেষ প্ৰকাশ কৰাৰ লগতে হিন্দুসকলক একত্ৰিত হ’বলৈও কয়। তেওঁৰ এই মন্তব্যত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মুৰাদনগৰ আৰক্ষী চকীত গোচৰ পঞ্জীয়ণ কৰিছে। শ্বাহিনবাগ আৰক্ষী চকীতো অভিযোগ দাখিল হৈছে। অৱশ্যে এতিয়ালৈ নেতাজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আনহাতে, গাজিয়াবাদৰ লোনিৰ বিধায়ক নন্দ কিশোৰ গুজাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশাসনক সকীয়াই দিয়াৰ দৰে কৈ মুছলমান সমাজক ভাবুকি দিছে। ‘সন্ধিয়ালৈ যদি এখনো মাংসৰ দোকান খোলা দেখা পাওঁ…’ এনেকৈ কোৱাৰ পাছতে উপস্থিত সকলোৱে জয়শ্ৰী ৰাম ধ্বনিৰে মুখৰ কৰি তোলাত বাক্যশাৰী সম্পূৰ্ণকৈ শুনা নাযায়। তেওঁ পুনৰ প্ৰশ্ন কৰে যে, ৰাম ৰাজ্যত মাংসৰ দোকান থাকে নেকি? আকৌ জয়শ্ৰী ৰাম ধ্বনিৰে পৰিৱেশ গৰম হৈ উঠে।