নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যঘনঃ আজিও ৰক্তাক্ত হৈ পৰি আছে বিছনা! পত্নী হত্যাকাৰী জোৱান আইনৰ সুৰুঙাৰে সাৰি যাব নেকি?

নিয়মীয়া বাৰ্তা, ১৫মাৰ্চঃ নিজ অন্ত:সত্ত্বা পত্নীক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ আৰক্ষী জোৱান বিকি চেতিয়াক অৱশেষ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।আৰক্ষী জোৱাগৰাকীয়ে লগত থকা ছাৰ্ভিচ কাৰ্বাইনেৰে দেওবাৰে মাজ নিশা প্ৰায় ১ বজাত নিজ পত্নী জয়শ্ৰী চেতিয়াক নিজ গৃহৰ শোৱনি কোঠাতে দুটাকৈ গুলী কৰি হত্যা কৰিছিল।নিশা প্ৰায় এক বজাত সংঘটিত ঘটনাত বিছনাতে উদ্ধাৰ হৈছিল জয়শ্ৰী চেতিয়াৰ ৰক্তাক্ত মৃতদেহ।আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী বিকি চেতিয়াক।আৰক্ষী জোৱান বিকিয়ে একেমুখেই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল যদিও কাৰ্বাইনটো চাফা কৰি থাকোঁতে অসাবধানৱশতঃ দুটাকৈ গুলীয়ে পত্নী জয়শ্ৰীৰ দেহত লাগে বুলি কোৱাটো কিমান যুক্তিসংগত সেয়া বিচাৰ্যৰ বিষয়। ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰা আৰু অস্ত্ৰ আইন ২৭(১)ৰ অধীনত ১৬১/২০২২ গোচৰ পঞ্জীয়ন কৰি আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।আনহাতে কালিৰ ঘটনাৰ পাছতে সদৰ থানাৰ চৌহদৰ নিচেই সমীপত থকা তথা হত্যাকাণ্ড সংঘটিত হোৱা তিনি কোঠালিৰ আৱাসটো ছীল কৰি ৰখা আৰক্ষী ছাউনীৰ আবাসগৃহটো আৰক্ষীয়ে তলা খুলি তালাচী নচলোৱাৰ ৰহস্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।সদৰ থানাৰ পিছফালে সমীপতে থকা হত্যাকাণ্ড সংঘটিত হোৱা কোঠা ছীল কৰিয়েই দায়িত্ব সামৰিলে নেকি বুলিও অভিযোগ কৰিছে জয়শ্ৰীৰ পৰিয়ালবৰ্গই।আনকি কিবা নিষিদ্ধ বা আপত্তিজনক বস্ত উদ্ধাৰ হৈছ নেকি,সেয়াও স্পষ্টকৈ কোৱাৰ পৰা আৰক্ষী বিৰত থাকি গা এৰা মনোভাৱ গ্ৰহণ কৰা পৰিলক্ষিত হয়।আৰক্ষী জোৱান বিকিয়ে হত্যা কৰাৰ কথা স্বীকাৰ কৰা বাবেই,আৰক্ষীয়ে বিশেষ সোধ-পোচ বা অপৰাধীৰ অভিলক্ষ্য কি আছিল বা কিয় হত্যা কৰিব লগা হল,তাৰ কোনো প্ৰাথমিক তদন্ত কৰাও পৰিলক্ষিত নহল।বৰঞ্চ আৰক্ষীয়ে হত্যাকাৰীক জেললৈ প্ৰেৰণ কৰি নিজ দায়িত্ব সামৰিলে বুলি জয়শ্ৰীৰ পৰিয়ালে গুৰুতৰ অভিযোগ আনিছে।প্ৰায় শতাধিক পৰিয়ালৰ আৱেষ্টনীৰ মাজত বসৱাস কৰা আৰক্ষী জোৱান বিকিয়ে কেৱল পত্নী জয়শ্ৰীৰ সৈতে আৱাসত থাকিছিল।আৰক্ষী জোৱান বিকিৰ চাৰিত্ৰিক দিশৰ বিপৰীতে কোনো আৱাসীয়েই মুখ খুলিব নিবিচাৰি এক নিৰাপদ দূৰত্বত অৱস্থান কৰাতোৱে সমগ্ৰ ঘটনাতো ৰহস্যঘন কৰি তুলিছে।আনহাতেদি এগৰাকী কনিষ্টবলে কি আইনৰ অধীনত চাৰ্ভিচ কাৰ্বাইনটো দায়িত্ব সামৰাৰ পাছতো নিজৰ লগত ৰাখিছিল তাকো লৈ বহু প্ৰশ্ন উথাপন কৰিছে মৃত্যু হোৱা দুৰ্ভগীয়া জয়শ্ৰীৰ পৰিয়ালে।নিশা ১ বজাত কিহৰ বাবে জোৱান বিকিয়ে পত্নীক সন্মুখত বহুৱাই(?) কাৰ্বাইনটো চাফা কৰোতে অসাবধানৱশত গুলী নিৰ্গত হোৱা মন্তব্যত পতিয়ন যোৱা নাই জয়শ্ৰীৰ পৰিয়ালে।ইফালে একাংশ প্ৰতিৱেশীয়ে অভিযোগ কৰা মতে বিগত প্ৰায় দুই-তিনিমাহ ধৰি আৰক্ষী জোৱান বিকি আৰু জয়শ্ৰীৰ মাজত নিশাৰ ভাগত প্ৰায়ে কাজিয়া হৈছিল,যদিও সেয়া পাৰিবাৰিক সংঘাত বুলিয়েই প্ৰতিবেশী সকলে সিমান গুৰুত্ব দিয়া নাছিল।এক সূত্ৰই দাবী কৰা মতে সন্ধিয়াতে কাৰ্য সমাপন কৰি ঘৰলৈ বিকি আহি পুনৰ নিজৰ এনফিল্ড বুলেটখন লৈ ওলাই গৈছিল আৰু নিশা বহু পলমকৈ ঘৰলৈ উভতিছিল আৰু ইয়াকে লৈও দুই স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল বুলি গুৰুতৰ অভিযোগ উঠিছে।নিজ অন্ত:সত্বা পত্নী থকাৰ পাছতো গিৰিয়েক বিকিয়ে কিহৰ তাৰনাত নিশা বহু পলমকৈ ঘৰলৈ আহিছিল ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে ডিব্ৰুগড়ৰ একাধিক মহিলা সংগঠনে।মুঠৰ ওপৰত ৰাজ্য কঁপাই যোৱা এই হত্যাকাণ্ড কোনেও সহজভাৱে লব পৰা নাই।সকলোৱে ঘটনাৰ প্ৰকৃত কাৰণ আৰু কাৰক উন্মোচিত হোৱাৰ দাবী জনাইছে।এতিয়া ডিব্ৰুগড়ৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ ৰব।

প্ৰেৰক বিভাস দুৱৰা

You might also like