ভাৰতৰ অতীত গৌৰৱোজ্জ্বলঃ আধ্যাত্মিক শক্তিয়ে ভাৰতক বিশ্বৰ ভিতৰত শক্তিশালী কৰি তুলিছে: দিগন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : আধ্যাত্মিকতা হৈছে ভাৰতৰ একমাত্ৰ শক্তি। আধ্যাত্মিকতাই বিশ্বত ভিতৰত ভাৰতক শক্তিশালী কৰিছে।অতীতত বেদ, উপনিষদ, গীতা বা পুৰাণ চিৰন্তনভাৱে ভাৰতক শক্তিশালী কৰি ৰাখিছিল। প্ৰাচীন ভাৰতীয় সভ্যতাই ব্যক্তিগত প্ৰকৃতি, প্ৰৱণতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল, আৰু ইয়াৰ দ্বাৰা সমাজত নৈতিক প্ৰকাৰ, কাৰ্য আৰু স্থান নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতৰ অতীত অতি গৌৰৱময় আছিল। ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু ঋষি অৰবিন্দৰ বিভিন্ন শ্লোক অধ্যয়ন কৰিলে ভাৰতৰ গৌৰৱাজ্জ্বল অতীত দেখিবলৈ পোৱা যায়। ভাৰতৰ অতীত আধ্যাত্মিকতা আৰু অন্তৰ্দৃষ্টি, ধৰ্ম, বেদ উপনিষদ, পুৰাণ, শাস্ত্ৰীয় সংস্কৃতিৰে পৰিপূৰ্ণ আছিল। মঙলবাৰে শিলচৰৰ অসম বিশ্ববিদ্যালয় মানৱ উন্নয়ন কেন্দ্ৰৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয়ৰ বিপিন চন্দ্ৰ পাল প্ৰেক্ষাগৃহত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰত মুখ্য অতিথি সাহিত্য অকাডেমিৰ অনবাদ বঁটাপ্ৰাপক ড০ দিগন্ত বিশ্ব শৰ্মাই এই কথা কয়।এইদিনা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ড০ আৰ এম পন্তৰ সভাপতিত্বত অনুষ্ঠিত ‘পুনৰুজ্জীৱিত ভাৰত, উদীয়মান ভাৰত: গৌৰৱময় অতীত পুনৰ দৰ্শন ‘ শীৰ্ষক আলোচনাচক্ৰ ভাষণ দি দিগন্ত বিশ্ব শৰ্মাই কয় যে, ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু ঋষি অৰবিন্দৰ বাণী সমূহে অতীতৰ ভাৰতৰ বিভিন্ন দিশ উন্মোচিত কৰিছে।ভাৰতৰ অতীত আধ্যাত্মিকতা আৰু অন্তঃদৃষ্টি , ধৰ্ম, বেদ উপনিষদ, পুৰাণ , শাস্ত্ৰীয় সংস্কৃতিৰে ভৰপূৰ আছিল। ভাৰতৰ গৌৰৱান্বিত হ’বলৈ এক অসীম ভঁৰাল আছে, এক সমৃদ্ধ ইতিহাস, চেতনাৰ এক সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য আছে। কিন্তু ইউৰোপিয়ান সভ্যতাই ভাৰতবৰ্ষৰ প্ৰভাৱ পেলাইছিল। ইউৰোপিয়ান সভ্যতাই ভাৰতীয় সংস্কৃতি ,সমাজৰ ওপৰত আঘাত কৰে যদিও ভাৰতৰ শক্তিশালী আধ্যাত্মিকতাবাদৰ বাবে বৰ্তমান ভাৰত পুনৰুজ্জীৱিত ভাৰত, উদীয়মান ভাৰতলৈ ধাৱমান হৈছে। এই দিনা অনুষ্ঠানত এবিভিপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক সুশীৰ নিধি ত্ৰিপাঠীয়ে কয়, ভাৰতৰ ইতিহাস সন্দৰ্ভত আজিৰ ছাত্ৰ-ছাত্ৰীয়ে নেজানে। বিদেশী ইতিহাস সন্দৰ্ভত বহুত জানে। কিয়নো আমাক সেয়া জনোৱাৰ বাবে কোনোৱে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ভাৰত মানে জ্ঞান। ভাৰতবৰ্ষক খন্ডিত কৰা হৈছিল । ভাৰতৰ ঋষি মনীষী সন্দৰ্ভত নতুন প্ৰজন্মক অবগত কৰোৱা নাছিল। এখন দেশৰ গৌৰৱ কেৱল তেতিয়াহে জীয়াই থাকে যেতিয়া ই নিজৰ আত্মত্যাগ আৰু পৰৱৰ্তী প্ৰজন্মক ত্যাগৰ পৰম্পৰা শিকায়। বসুন্ধৰা কুটুম্বকম’-ৰ উদাৰ ভাবনা লৈ আমি সকলৰ দুখ দূৰ কৰাৰ বাবে আগুৱাই যোৱা উচিত। হিমাচল প্রদেশের স্টেট ফুড কমিচনৰ চেয়াৰমেন ডঃ সুৰেন্দ্র সিং গোৱানকক্তা কয়, ভাৰতবৰ্ষ বিভিন্ন জাতি জনগোষ্ঠীৰে পূৰ্ণ এখন দেশ।নিজ নিজ এলেকাত নিজস্ব সংস্কৃতি আৰু পৰম্পৰাৰে বসবাস কৰিছে। বৰ্তমান ভাৰতৰ সাফল্যই সমগ্ৰ মানৱ জাতিৰ বাবেই আশাৰ সঞ্চাৰ কৰিছে। ভাৰতৰ উন্নয়নৰ পথত আগবাঢ়ি যোৱাটো আত্মনিৰ্ভৰতাৰে পৰিপূৰ্ণ। এইদেশৰ উন্নয়নৰ যাত্ৰাই সমগ্ৰ বিশ্বৰ উন্নয়নক ত্বৰান্বিত কৰিব।আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাস সম্বলিত তথ্যবোৰ সংৰক্ষণৰ বাবে যুৱ সম্প্ৰদায় তথা বিজ্ঞজন আগুৱাই আহিব লাগিব। সমগ্ৰ বিশ্বক এইদেশৰ স্বাধীনতা আন্দোলনৰ সাফল্যৰ ছবি তুলি ধৰা উচিত। শিল্প, সাহিত্য, নাট, চলচ্চিত্ৰ আৰু ডিজিটেল বিনোদনৰ সৈতে যিসকল লোক জড়িত তেওঁলোকক অতীতৰ বিভিন্ন ঘটনাৱলী জনসাধাৰণৰ সমূখত উপস্থাপনৰ পৰামৰ্শও দিয়ে তেওঁ। এইদিনা আলোচনা চক্ৰৰ আৰম্ভণিতে কোৰ্ডিনেটৰ অধ্যাপক নিৰঞ্জন ৰয়ে বক্তব্য আগবঢ়ায়। তদুপৰি অধ্যাপক জি ৰাম, পঞ্জীয়ক ড০ প্ৰদুষ কিৰণ নাথ, অধ্যাপক দিলীপ কুমাৰ দে’ই আলোচনাচক্ৰত বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোৰ সমন্বয়ক অধ্যাপক নিৰঞ্জন ৰয়ে কয় যে ,আলোচনাচক্ৰখন কাইলৈ বিভিন্ন কাৰ্যসূচীৰে সমাপ্ত হ’ব।
প্ৰেৰক গৌতম তালুকদাৰ