মৰিগাঁও চৰাইবাহীৰ ঐতিহাসিক নাথ মন্দিৰৰ বিশেষ সংস্থাপনৰ কাম তীব্ৰতৰ
নিয়মীয়া বার্তা, ১৫ মাৰ্চঃ মধ্য অসমৰ অন্যতম সাংস্কৃতিক গৌৰৱ ধজ্জা বহনকাৰী কমিটী ভাওনাৰ উদযাপনস্থলী এক বৃহৎ সাংস্কৃতিক প্ৰকল্প স্থলী ৰূপে গঢ় দিয়াৰ উদ্দেশ্যে বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায় তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫০ লাখ টকাৰ এক বিশেষ আৰ্থিক অনুদান ঘোষণা কৰিছিল যাৰ আধাৰত বৰ্তমানে কেইবাটাও উন্নয়ন মূলক কাম কৰি থকা হৈছে। উক্ত অনুদানৰ ধনৰ এটা বিশেষ অংশ ঐতিহাসিক নাথ মন্দিৰ ৰ পূৰ্বৰ ভেটি ৰ উচ্চতা বৃদ্ধিৰ বাবে হাৰিয়ানা ৰ পৰা অনা হৈছে বিশেষ ভাবে প্ৰশিক্ষিত কাৰিকৰৰ দল যিটো দলে বিভিন্ন জেক ৰ সহায়ত মন্দিৰ ভাগৰ কোনো হানি বিঘিনি নঘটাকৈ সম্পূৰ্ণ মন্দিৰটি ৫ ফুট পৰ্যন্ত উচ্চতা বৃদ্ধি কৰি নতুনকৈ সংস্থাপিত কৰাৰ কাম পূৰ্ণ গতিত চলি আছে। উল্লেখ্য এই বিশেষ মন্দিৰ পুনৰ সংস্থাপন কাম ভাগৰ জৰিয়তে এই বৰ্ষত অনুষ্ঠিত হব লগীয়া ঐতিহাসিক কমিটি ভাওনাৰ প্ৰস্তুতি ৰ শুভাৰম্ভ হোৱা বুলি প্ৰকাশ কৰে ১৬৫সংখ্যক কমিটি ভাওনাৰ সম্পাদক দিগন্ত কুমাৰ নাথে। আনহাতে কমিটি ভাওনাৰ ঐতিহাসিক গুৰুত্ব ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰক মধ্য অসমৰ এই অন্যান্য সাংস্কৃতিক পৰম্পৰাক জীয়াই ৰখা আৰু সংৰক্ষণৰ স্বাৰ্থত প্ৰদক্ষেপ লবলৈ আহ্বান জনাইছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে।
প্ৰেৰক প্ৰাঞ্জল দাস