নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীত নিহত গাড়ীগাঁৱৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অসম জোকাৰী যোৱা মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী আৰক্ষীৰ গুলীত নিহত। নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতেই নিহত হয় বিকি আলী।

উল্লেখ্য যে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মঙলবাৰে কামৰূপ জিলাৰ দামপুৰৰ পৰা গ্রেপ্তাৰ কৰিছিল ধর্ষণকাৰীটোক৷ দলবদ্ধ ধর্ষণ কাণ্ডৰ মূল নায়ক তথা ধর্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ ভণ্ড প্রেমিক বিকিক আৰক্ষীয়ে দামপুৰৰ পাহাৰত আত্মগোপন কৰি থকা অৱস্থাত গ্রেপ্তাৰ কৰে যদিও এই চাঞ্চল্যকৰ ঘটনাত লিপ্ত আন চাৰি পাষণ্ড বর্তমানেও পলাতক অৱস্থাত আছে৷

মন কৰিবলগীয়া যে যোৱা ১৯ ফেব্রুৱাৰীত আদাবাৰীৰ ব্রহ্মপুত্র গেষ্ট হাউছৰ অয়’ হোটেলৰ ১০৫ নং কোঠাত গাড়ীগাঁৱৰ কিশোৰীগৰাকীক বিকি আলীসহ পাঁচজন নৰপিশাচে দলবদ্ধ ধর্ষণ কৰিছিল৷ ঘটনা সন্দর্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে ৮ মার্চত পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাৰ পিছত এই পৈশাচিক ঘটনা পোহৰলৈ আহে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে কালি মূল অভিযুক্ত বিকিক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

You might also like