Asia cup 2022: এইখন দেশত আগষ্ট-ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব Asia cup
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ এছিয়াৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা সুখৰ খবৰ। এছিয়া কাপ-2022 সন্দৰ্ভত শনিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা। এই প্ৰতিযোগিতাখন শ্ৰীলংকাৰ দ্বাৰা আয়োজিত হ’ব আৰু আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত খেলা হ’ব। আগন্তুক অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে এইবাৰ টি-২০ ফৰ্মেটত খেলা হ’ব এছিয়া কাপ।
এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপ-২০২২ ৰ তাৰিখ ঘোষণা কৰিছে। এইবাৰ এছিয়া কাপ-২০২২ প্ৰতিযোগিতাখন আয়োজন কৰিব চুবুৰীয়া দেশ শ্ৰীলংকাই। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল ২৭ আগষ্টত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল খেলখন ১১ ছেপ্টেম্বৰত খেলা হ’ব।
প্ৰতি দুবছৰত অনুষ্ঠিত হোৱা এছিয়া কাপ প্ৰতিযোগিতাখন ৰ 2020ৰ সংস্কৰণটো কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে খেলিব পৰা নাছিল।
উল্লেখ্য যে এছিয়া কাপ ভাৰতীয় দলে সৰ্বাধিক ৭ বাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে, যি এতিয়ালৈকে মুঠ ১৪ বাৰ অনুষ্ঠিত হৈছে।