নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ আটাইতকৈ সুখী দেশসমূহৰ তালিকাত পাকিস্তান, বাংলাদেশতকৈও পিছত ভাৰত

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ একেৰাহে পঞ্চমবাৰৰ বাবে ফিনলেণ্ডক ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক সূচকত বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে। বিপৰীতে আফগানিস্তানক আটাইতকৈ অসুখী দেশ হিচাপে স্থান দিয়া হৈছে। এই তালিকাত আমাৰ দেশ ভাৰতবৰ্ষ যোৱা বছৰ ১৩৯ তম স্থানত আছিল কিন্তু এই বছৰ দেশখন ১৩৬ নম্বৰত আছে।

উল্লেখ্য যে এই প্ৰতিবেদন মানুহৰ নিজৰ সুখ মূল্যাঙ্কন কৰাৰ উপৰিও অৰ্থনৈতিক আৰু সামাজিক তথ্যকে ধৰি বিভিন্ন কাৰকৰ ওপৰত আধাৰিত। ১৪৬ খন দেশৰ সূচীত আফগানিস্তান অন্তিম স্থানত আছে।

অৱশ্যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ (ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ) পূৰ্বেই এই বিশ্ব সুখ প্ৰতিবেদন(World Happiness Report 2022) প্ৰস্তুত কৰা হৈছিল।

চাওক বিশ্বৰ শীৰ্ষ ১০ খন সুখী দেশ-
1. ফিনলেণ্ড
২. ডেনমাৰ্ক
৩. আইচলেণ্ড
৪. চুইজাৰলেণ্ড
৫. নেডাৰলেণ্ড
৬. লাক্সেমবাৰ্গ
৭. চুইডেন
৮. নৰৱে
৯. ইজৰাইল
10. নিউজিলেণ্ড

You might also like