ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱত অসমৰ চাহ উদ্যোগত ৫০০ কোটি টকাৰ লোকচানৰ আশংকা
নিয়মীয়া বাৰ্তা, ২২মাৰ্চঃ অসমৰ চাহ উদ্যোগত মহা সংকট!ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই কাল অমানিশা নমাই আনিছে অসমৰ লগতে ভাৰতৰ চাহ উদ্যোগলৈ।অতি মহামাৰী ক’ভিডৰ ফলত দেশৰ বিভিন্ন উদ্যোগ বন্ধ হৈ পৰাৰ পাছত এতিয়া যুদ্ধই যেন আওপকীয়াকৈ অসমৰ চাহ উদ্যোগলৈ অশনি সংকেত কৰিয়াই আনিছে।এই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ যদি দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে অসমৰ লগতে ভাৰতৰ চাহ উদ্যোগ বন্ধ হৈ পৰাতো অৱশ্যভাম্বী।তথ্য মতে ভাৰতৰ তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই।পৃথিৱীৰ ভিতৰত ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে।জানিব পৰা মতে ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেক্ট্ৰিকটন চাহপাত।যাৰ আন্তঃজাৰ্তিক বজাৰ মূল্য হৈছে ৪৫৩.২৬ কোটি টকা।আনহাতেদি ২০২১ বৰ্ষতো ভাৰতে ২৭.২৪ মেট্ৰিকটন চাহপাত ৰপ্তানিৰে ৪৮৭.০৪ কোটি টকাৰ ব্যৱসায় কৰিছিল।কিন্ত বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে হয়তো ভাৰতৰ চাহ ৰাছিয়াই ক্ৰয় কৰিব নোৱাৰিব আৰু যদিহে এনে হয় তেনেহলে এইবছৰ ভাৰতৰ চাহ উদ্যোগে প্ৰায় অনুমানিক ৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হব লগা হব পাৰে।আনহাতে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব অসমৰ চাহৰ উপৰত।ইতিমধ্যেই এই যুদ্ধৰ পৰোক্ষ প্ৰভাৱ দক্ষিণ ভাৰতত দেখা গৈছে।তথ্যৰ পৰা জানিব পৰা মতে দক্ষিণ ভাৰতত চাহৰ নিলামত ১০ টকাৰ পৰা ১৫ টকা পৰ্যন্ত নিম্নগামী হৈছে চাহৰ মূল্য।বৰ্তমান এপ্ৰিলৰ আৰম্ভনিতে নতুন চাহ পাত উৎপাদন কৰে চাহ বাগিছা সমূহে।অসম চাহ মজদুৰ সংঘৰ উপ সভাপতি নবীন কেঁওতে সংবাদ মাধ্যমক কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ যদি দীঘলীয়া হয় তেন্তে পৰোক্ষভাবে অসমৰ চাহ উদ্যোগে লোকচানৰ সন্মুখীন হব লাগিব।দক্ষিণ ভাৰতৰ চাহ নিলাম কেন্দ্ৰত চাহৰ দাম নিন্মগামী হোৱাত চিন্তনীয় বিষয় হৈ পৰিছে।এয়া যুদ্ধৰ পৰোক্ষ প্ৰভাৱ।ভাৰতে বিশ্বৰ ভিতৰত সৰ্ব্বাধিক চাহ ৰাছিয়ালৈ ৰপ্তানি কৰে।কলকতাৰ এম কে নামৰ এক চাহপাত কোম্পানিয়ে,যিয়ে নেকি ৰাছিয়ালৈ চাহ ৰপ্তানি কৰে;তেওলোকে ৰাছিয়াত বিপনন কেন্দ্ৰ বন্ধ কৰাৰ লগতে সৰু-বৰ বহুকেইটা কোম্পানিয়ে ইতিমধ্যেই বন্ধ কৰাৰ দৰেই হৈছেগৈ বুলি নৱীন কেওতে প্ৰকাশ কৰে।সেয়ে আন্তঃৰাষ্ট্ৰীয় চাহৰ বজাৰ(ৰাছিয়া)মন্দা হৈ আহিলে অসমৰ চাহ উদ্যোগলৈয়ো বিপদ কৰিয়াই অনাৰ শংকা প্ৰকাশ কৰে কেওতে। হয়তো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই অসমৰ চাহৰ মূল্য নিলামত নিম্নগামী হোৱাৰ আশংকা আছে।এই প্ৰভাৱ দেখা যাব ডাঙৰ ডাঙৰ চাহ উদ্যোগ,বৃহৎ বৃহৎ চাহ বাগিছাৰ লগতে লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত।ইতিমধ্যেই উৎপাদনৰ অভাৱত মৃত্যুৰ ক্ষণ গণিছে বহু চাহ বাগিছা আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱত হয়তো বন্ধ হব পাৰে বহু চাহ বাগিছা,নামি আহিব পাৰে কাল অমানিশা বহু পৰিয়াললৈ।
প্ৰেৰক বিভাস দুৱৰা