নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন আকাংক্ষা পূৰণ কৰিব গৈ বিপত্তি! মহিলাৰ মূত্ৰনলীৰ পৰা ওলাল গ্লাছ!

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ মূত্ৰনলীৰ সমস্যা। বাৰে বাৰে যাব লগা হৈছে শৌচাগাৰলৈ। সমস্যাৰ সন্মুখীন হৈ চিকিৎসকৰ কাষ চাপিল ভুক্তভোগী মহিলাগৰাকী। প্ৰাৰম্ভিক চোৱা চিতাত চিকিৎসকে এয়া মূত্ৰনলীত সংক্ৰমণ হোৱা বুলি ভাবিছিল। কিন্তু পৰীক্ষা কৰাৰ পিছত, দেখা গৈছিল যে তেওঁৰ মূত্ৰাশয়ত এটা গ্লাছ লাগি আছিল! লগতে এটা বিশাল ষ্টোন। স্বাভাৱিকতে আচৰিত হৈছিল চিকিৎসক।

কিন্তু সেই গ্লাছটো মূত্ৰাশয়লৈ কেনেকৈ গৈছিল?

এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মহিলাগৰাকীয়ে চিকিৎসকক এই সন্দৰ্ভত কয় যে তেওঁ চাৰি বছৰ পূৰ্বে ছেক্স টয় হিচাপে গ্লাছ ব্যৱহাৰ কৰিছিল। সেই সময়ত তেওঁ ইয়াক যোনিৰ সলনি মূত্ৰনলীত সুমুৱাইছিল। এই সমগ্ৰ ঘটনাটো প্ৰকাশ পাইছে চিকিৎসা আলোচনী চাইন্স ডাইৰেক্টত।

অৱশেষত এফক্সৰ হাবিব বৰ্গিবা বিশ্ববিদ্যালয়ৰ চিকিৎসকসকলে চাইষ্টোলিথোটমী নামৰ এক প্ৰকাৰৰ মুকলি অস্ত্ৰোপচাৰ দ্বাৰা মহিলাগৰাকীৰ মূত্ৰনলীৰ পৰা ষ্টোন আৰু গিলাচটো আঁতৰাই পেলাইছিল।

You might also like