নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত কেজৰিৱালৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব ৫ কেব চালকে

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে ৰিটার্নিং বিষয়াৰ কার্যালয়ত ৬ ঘণ্টা সময় অপেক্ষা কৰাৰ পাছত মনোনয়ন পত্র দাখিল কৰিবলৈ সক্ষম হয়৷ ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্রীয়শাসিত ৰাজ্যখনৰ বিধানসভা নির্বাচনত নতুন দিল্লীত মঙলবাৰে কেজৰিৱালৰ বিপক্ষে প্রতিদ্বন্দ্বিতা কৰিছে ৬৫গৰাকী অন্যান্য প্রার্থীয়ে৷

দুদিনত নতুন দিল্লী সমষ্টিত মনোনয়ন দাখিল কৰা প্রার্থীৰ সংখ্যা হৈছেগৈ ৯৩গৰাকী৷ এই প্রার্থীসকলৰ ভিতৰত আছে দিল্লী পৰিবহণ নিগমৰ কমপক্ষেও ১০গৰাকী ঠিকাভিত্তিক কর্মচাৰী, ৫গৰাকী কেব চালক, চাৰিগৰাকী সমাজকর্মী, এগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ হকী খেলুৱৈ, যিয়ে ‘শ্বক দে ইণ্ডিয়া’ ছবিত অভিনয় কৰিছিল৷

অৱশ্যে আগন্তুক শুকুৰবাৰেহে সমষ্টিটোত কিমানগৰাকী প্রার্থী চূড়ান্ত পর্যায়লৈ ৰয় সেয়া নিশ্চিত হ’ব৷ শুকুৰবাৰ হৈছে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷

You might also like