হাইক’টক উলংঘাৰে জালুকবাৰী ৰ’টাৰীত পার্কিং
আৰক্ষী–পৰিবহণ বিভাগ–জিএমচিৰ পৃষ্ঠপোষকতাত পদপথত ব্যৱসায়
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটীত নিয়ন্ত্রণহীন হৈ পৰা ৰাজহুৱা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ কঠোৰ স্থিতি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৭ জানুৱাৰীত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে যাত্রীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে যান–জঁটমুক্ত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক একাধিক কঠোৰ নির্দেশনা জাৰি কৰাৰ পিছতো সেয়া কার্যকৰী কৰাৰ ক্ষেত্রত মহানগৰ আৰক্ষী আৰু পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা নাই ৷ ফলস্বৰূপে যান–বাহন আইন উলংঘা কৰি মহানগৰীৰ ৰাজপথত চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে জালুকবাৰী ৰ’টাৰীত কোনোধৰণৰ যান–বাহন পার্কিং কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰাৰ লগতে ৰ’টাৰীত থকা ভেণ্ডৰসমূহক উচ্ছেদ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছিল ৷ কিন্তু ন্যায়ালয়ৰ কঠোৰ নির্দেশৰ পিছতো মহানগৰ আৰক্ষী, পৰিবহণ বিভাগ, জিএমচিকে ধৰি বিভিন্ন বিভাগে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ফলত জালুকবাৰীৰ ৰ’টাৰী পইণ্টত বাহনসমূহ পার্কিং কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
উক্ত স্থানত থকা ভেণ্ডৰসমূহকো উচ্ছেদ কৰাৰ বাবে জিএমচি কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই ৷ একাংশ অসাধু আৰক্ষী বিষয়াই ন্যায়ালয়ৰ নির্দেশৰ দোহাই দি জালুকবাৰী উৰণীয়া সেতুৰ ওপৰত আৰু ৰ’টাৰী পইণ্টত ৰখোৱা বাহনৰ পৰা ব্যাপক হাৰত ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ন্যায়ালয়ৰ কঠোৰ নির্দেশনাৰ পিছতো জালুকবাৰীৰ ৰ’টাৰী পইণ্টত কিদৰে বাহনসমূহ পার্কিং কৰিব পাৰিছে, তাক লৈ বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে ৷ উল্লেখ্য যে অধিবক্তা ৰীতা দাস মজুমদাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭২/১৬ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ৭ জানুৱাৰীত দুজনীয়া বিচাৰপীঠখনে বাছসমূহত জিপিএছ সংস্থাপিত কৰিবলৈ পৰিবহণ বিভাগৰ আয়ুক্ত সচিবক নির্দেশ দিছিল ৷ মহানগৰীত চলাচল কৰা বহু বাছত দর্জা নথকাত যাত্রীসকলে নিৰাপত্তাহীনভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৷ সেয়ে যাত্রীৰ সুৰক্ষাৰ বাবে বাছসমূহত দর্জা লগোৱাটো বাধ্যতামূলক কৰিবলৈ পৰিবহণ বিভাগলৈ নির্দেশনা জাৰি কৰিছিল ৷
যদিহে কোনো বাছ দর্জা নথকাকৈ চলাচল কৰে, তেনে বাছৰ এমাহৰ বাবে চলাচল বন্ধ কৰাৰ নির্দেশ জাৰি কৰিছে ৷ প্রতিখন বাছত যাত্রীয়ে দেখাকৈ আগফাল–পাছফালে আৰু বাছৰ বাঁওফালে পথত চলাচলৰ অনুমতি নম্বৰ, পথ নম্বৰ লিখি ফলক আঁৰিব লাগিব ৷ যান–বাহন আইন উলংঘা কৰা বাহনসমূহ চিনাক্ত কৰাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা স্থাপন কৰিবলৈ নির্দেশ দিয়ে৷ চি চি কেমেৰাসমূহ যি স্থানত সংস্থাপিত কৰিলে যান–বাহন আইন উলংঘা কৰা বাহনসমূহ সহজতে চিনাক্ত কৰিব পাৰি, তেনে স্থানত স্থাপন কৰিবলৈ নির্দেশনা দিয়ে৷ মহানগৰীত চি চি টিভি কেমেৰা সংস্থাপনৰ কাম তিনি মাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব ৷ ন্যায়ালয়ে জাৰি কৰা নির্দেশসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে কোনো ব্যৱস্থা গ্রহণ নকৰা বিষয়টোক লৈ সর্বত্র চর্চা চলিছে৷ লক্ষণীয় যে ৩ ফেব্রুৱাৰীৰ পূর্বে নির্দেশসমূহ কার্যকৰী কৰাৰ প্রতিবেদন ন্যায়ালয়ত দাখিল কৰিব লাগিব সংশ্লিষ্ট কর্তৃপক্ষই৷