ঢকুৱাখনাৰ যুৱ কবি অনুভৱ প্ৰিয়ম মিৰিৰ কাব্যগ্ৰন্থ ‘নৈপৰীয়া বিলাপ’ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ঢকুৱাখনাৰ যুৱ কবি অনুভৱ প্ৰিয়ম মিৰিৰ প্ৰথমখন কাব্যগ্ৰন্থ আজি উন্মোচন কৰা হয় । গুৱাহাটীৰ ছাৰ্ভেস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ কাব্যগ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থবার্তা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘নৈপৰীয়া বিলাপ’ – শীৰ্ষক কাব্যগ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ,লেখিকা তথা অনুবাদক কবিতা দত্ত গোস্বামী আৰু বন্দনা বৰঠাকুৰে।গ্ৰন্থবার্তা প্ৰকাশনৰ হৈ দীপাঞ্জলি দাস পাঠকে আঁতধৰা কাব্যগ্ৰন্থ উন্মোচনী সভাত প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমৰ সভাগৃহত সমবেত বহু কবি-সাহিত্যিক, সাংবাদিক আৰু গুণমুগ্ধসকলৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি কবি নীলিম কুমাৰে কয় যে, সৰল আৰু উপজীৱ্য ভাষাত অনুভৱ প্ৰিয়ম মিৰিয়ে কবিতা লিখিছে৷ কবিতাৰ ভাষাত মানৱীয় আৱেদন পৰিস্ফুট বুলি উল্লেখ কৰি তেওঁ আৰু কয় -‘ কবিতাত কৃত্ৰিমতা নাই৷ সৰলকৈ লিখিছে কবিতাবোৰ৷ তেওঁৰ কবিতাত মানুহৰ সুখ-দুখৰ বৰ্ণনাও উল্লেখ আছে। এই কবিতা পুথিখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ।’ সভাত উপস্থিত থকা আন দুগৰাকী উন্মোচক কবিতা দত্ত গোস্বামী আৰু বন্দনা বৰঠাকুৰে কবিসকলে জটিল সময়ত সমাজ, জাতি আৰু দেশক দিকদৰ্শন কৰি আহিছে বুলিও উল্লেখ কৰি অনুভৱ প্ৰিয়ম মিৰিৰ কবিতাই ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰগতিশীল ধাৰাটোক আগুৱাই লৈ যোৱাত সবল ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।
প্ৰেৰক পুলকজ্যোতি বৰা