১৩, ১৪ আৰু ১৫ মে’ত ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু
নিয়মীয়া বাৰ্তা,২৭ মাৰ্চ : অহা ১৩-১৫ মে’ত অনুষ্ঠিত হব ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু উৎসৱ ২০২২।অসমীয়া জাতিৰ প্ৰাণ স্পন্দন ব’হাগ বিহুৰ আনুষ্ঠানিক উদযাপনৰ ক্ষেত্ৰত অসমৰ ভিতৰত অনন্য আৰু একক ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু । অসমৰ লোক -সংস্কৃতিৰ সোণসেৰীয়া আৰু অনন্য অংগ তথা অসমীয়া সমাজ জীৱনত ইতিমধ্যে সুকীয়া স্থান দখল কৰা এই ফাটবিহু বিগত দুটা বৰ্ষত ক’ভিড অতিমাৰী সৃষ্ট পৰিৱেশ -পৰিস্থিতিৰ বাবে উদযাপন কৰিব নোৱাৰাৰ পিছত ২০২২ বৰ্ষত উদযাপন কৰিবৰ বাবে ঢকুৱাখনাবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । এই বছৰৰ ফাটবিহু অহা ১৩,১৪ আৰু ১৫ মে'(২৯,৩০ আৰু ৩১ ব’হাগ)ত উদযাপন কৰা হ’ব । ফাটবিহু সমিতিৰ আহ্বানত আজি
ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে । ঢকুৱাখনা নগৰৰ মাজমজিয়াৰ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ স্থায়ী বাকৰিত পুৱা ১১ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সাধাৰণ পৰিষদৰ সকলো সদস্য-সদস্যাই সৰ্বসন্মতি ক্ৰমে ২০২১ বৰ্ষৰ উদযাপন সমিতিখনকে ২০২২ বৰ্ষৰ ফাটবিহু উদযাপনৰ দায়িত্ব অৰ্পণ কৰে।ইফালে আজি অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাতেই ফাটবিহু সমিতিৰ সম্পাদক নৰ গগৈয়ে ২০২১-২০২১ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে ২০২১-২০২১ বৰ্ষৰ ফাটবিহু সমিতিৰ জমা খৰচৰ খতিয়ান দাঙি ধৰে।।
প্ৰেৰক: পুলকজ্যোতি বৰা