নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষা থাকিলেহে জাতি থাকিবঃ মিচিং ভাষা শব্দৰ সন্ধানত জোনাই হৈ অৰুণাচললৈ যাত্ৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এম এচিৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদকৰ, টি এম পি কে এম এম কে, টি এম এম কেৰ সহ পাঁচ মিচিং জাতীয় সংগঠনৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাষাৰ অধ্যয়ন কেন্দ্ৰৰ মিচিং শাখাৰ অধ্যয়নৰত ৩০ জনীয়া এটা মিচিং ছাত্ৰ ছাত্ৰী দল আৰু দুগৰাকী শিক্ষকৰ সৈতে আজি ডিব্ৰুগড়ৰ পৰা জোনাই হৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশলৈ যাত্ৰা৷ মিচিং ভাষাৰ কিছুমান শব্দৰ সন্ধানত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইলৈ ক্ষেত্ৰ অধ্যয়ন উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৩০ জনীয়া মিচিং ছাত্ৰ ছাত্ৰী দলটোৱে জোনাইত আহাৰ গ্ৰহণ কৰাৰ পিছতে জোনাই ঙাচাৰচুক উকুমৰ প্ৰাংগণত মিচিং পৰম্পৰা অনুযায়ী দঞি পঃল ধৰ্মীয় নীতি নিয়মেৰে ৩০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোৱে আশীৰ্বাদ লৈ ৰাওনা হয় জোনাইৰ পৰা৷ অধ্যয়নৰ উদ্দেশ্য যোৱা দলৰ অন্যতম নেতৃত্বত মিচিং লোকসংগীতৰ গৱেষক ডঃ পবিত্ৰ কুমাৰ পেগুৱে কয় ৩০ জনীয়া মিচিং শাখাৰ ছাত্ৰ ছাত্ৰী দলটোৱে অৰুণাচল প্ৰদেশ বাচি লোৱা একমাত্ৰ কাৰণ হল অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূবফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা “মিয়ং” আৰু “দাম্ ৰ” নামৰ দুই জাতিৰ পৰাই ফাটি অহা বুলি জনা যায় গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৩০ জনীয়া এটা মিচিং ছাত্ৰ ছাত্ৰী দলটোৱে আজি মিচিং ভাষাৰ শব্দৰ সন্ধানত অৰুণাচলৈ ৰাওনা হৈছে, কিয়নো মিচিং সকল তানি অপে মিয়ং গা’ল পাচি পাদাম সকলে অৰুণাচলত বসবাস কৰে৷ এটা সময়ত তানি অপে মিয়ং গা’ল পাচি পাদাম আৰু অসমত বসবাস কৰা মিচিং সকলে একেলগে তিব্বতৰ পৰা বছৰ বছৰ আগতে প্ৰব্ৰজন কৰি অহা৷ গতিকে অসমৰ দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে আজি পৰ্যন্ত সম্পূৰ্ণ বুৰঞ্জী প্ৰনয়ণ কৰিব পৰা নাই সেইয়ে মিচিং ভাষাত বহু শব্দ হেৰাই গৈছে গতিকে মিচিং ভাষাৰ শব্দবোৰ বিচাৰি আমি সকলোৱে বিশ্ববিদ্যালয়ত চৰ্চা কৰিব লাগিব তেতিয়াহে মিচিং ভাষা জীয়াই থাকিব আৰু মিচিং ভাষাৰ সমৃদ্ধিশালী হব ভাষা থাকিলেহে জাতি থাকিব৷

প্ৰেৰক কৰবী দলে

You might also like