নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা : ভৱানীপুৰৰ টাপা উচ্চ মাধ্যমিক বিদ্যালয়ত বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত গুৰুত্ব দি বিশেষকৈ কোভিড কালত যোৱা দুটা বছৰে ছাত্র-ছাত্ৰীৰ হোৱা অপূৰণীয় ক্ষতি পূৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শৰে ছাত্র-ছাত্ৰীৰ উপযোগীকৈ বক্তব্য দান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনলাইনযোগে দিল্লীৰ তালকোটৰা ষ্টেডিয়ামৰ পৰা অনুষ্ঠিত কৰা পৰীক্ষা পে চৰ্চা অনুষ্ঠানটো আজি ভৱানীপুৰৰ টাপা উচ্চ মাধ্যমিক বিদ্যালয়ত বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্টৰৰ সহায়ত দেখুওৱাৰ ব্যৱস্থা কৰা হয় । আজিৰ এই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনলাইন অনুষ্ঠানটো প্ৰদৰ্শনৰ সময়ত জিলা উপায়ুক্তগৰাকীৰ উপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ৰেখা দাসৰ লগতে স্কুলৰ সমূহ শিক্ষক শিক্ষয়ত্ৰী ,কৰ্মচাৰী , ছাত্র-ছাত্ৰী আৰু একাংশ অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা মনোযোগেৰে শুনি জ্ঞান আহৰণ কৰে । তদুপৰি উক্ত অনুষ্ঠানটো উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like